তাৰকা ফুটবলাৰ কাইলিয়ান এমবাপে পেৰিছ চেণ্ট জাৰ্মেইনত থাকিব নে নাই সেই বিষয়ে বহুদিনৰ পৰা জল্পনা-কল্পনা সৃষ্টি হৈ আহিছে । ফ্ৰান্সৰ ফুটবলাৰগৰাকীক ৰখাৰ বাবে পি এছ জিয়ে বৃহৎ আৰ্থিক প্ৰস্তাৱ আগবঢ়াব। ফ্ৰান্সৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এমবাপেক ১ বিলিয়ন ইউৰো অৰ্থাৎ প্ৰায় ৯১২৯ কোটি টকাৰ প্ৰস্তাৱ দিব পাৰে ক্লাৱটোৱে ।
পি এছ জিয়ে এমবাপেক নিজৰ লগত ৰাখিব বিচাৰিছে। সেইবাবেই তেওঁৰ সৈতে ১০ বছৰৰ চুক্তি কৰিব পাৰে কল্ৱটোৱে। সেই ১০ বছৰত এমবাপে ৯১২৯ কোটি টকা পাব, অৰ্থাৎ তেওঁৰ বাৰ্ষিক আয় হ’ব ৯১২ কোটি টকা। তেনে ক্ষেত্ৰত তেওঁ ৩৪ বছৰ বয়সলৈকে পি এছ জিত থাকিব। যদি সঁচা হয় তেন্তে ই হ’ব ক্ৰীড়াৰ ইতিহাসৰ আটাইতকৈ দামী চুক্তি হিচাপে পৰিগণিত হ’ব ।
বিগত কেইবছৰমানৰ পৰা পি এছ জিয়ে এমবাপেক লৈ ৰিয়েল মাদ্রিদৰ সৈতে প্ৰতিদ্বন্দিতাত নামি আহিছে ৷ পি এছ জিৰ প্ৰদৰ্শনত বিৰক্ত হৈ পৰিছে এমবাপে। তেওঁ নিজেই ক্লাবক অনুৰোধ জনাইছিল যে চুক্তিখন বৃদ্ধি নকৰিব। কিন্তু এই মুহূৰ্তত ফুটবলৰ আটাইতকৈ জনপ্ৰিয় যুৱ তাৰকাগৰাকীক ধৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে পি এছ জিয়ে।
এমবাপে পি এছ জিৰ হৈ এই পৰ্যন্ত ২৬০খন মেচ খেলিছে। ২১২টা গ’ল দিয়ে। ৯৮টা গ’লত সহায় কৰিছে । বিশ্বকাপ জয় কৰাৰ পিছতো এমবাপে এতিয়াও চেম্পিয়নছ লীগ জয় কৰিব পৰা নাই। এতিয়াও তেওঁ অনুশোচনা কৰে। ইউৰোপৰ ক্লাব পৰ্যায়ৰ আটাইতকৈ ডাঙৰ মঞ্চত সফলতা নোপোৱাৰ বাবে তেওঁ এতিয়াও অনুশোচনা কৰে। সেই অনুশোচনা সমাধানৰ বাবে ক্লাব সলনি কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে এমবাপেই।