আগন্তুক আই পি এল ছিজনৰ পূর্বে ৰাজস্থান ৰয়েলছে লাচিথ মালিঙ্গা আৰু পেডি আপটনক প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। মালিঙ্গা দলটোৰ নতুন ফাষ্ট-বলিঙৰ প্ৰশিক্ষক হ’ব ৷ আনহাতে আপটনক দলৰ বিশ্লেষক হিচাপে দায়িত্ব অর্পন কৰা হৈছে ৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ কেইবাখনো খেল খেলা মালিংগাই যোৱা জানুৱাৰীত সকলো ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ মালিঙ্গা শেহতীয়াকৈ শ্ৰীলংকাৰ পুৰুষ দলৰ বলিং প্ৰশিক্ষক হিচাপে অষ্ট্ৰেলিয়ালৈ গৈছিল। নিযুক্তিৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মালিঙ্গাই কয়- “আই পি এললৈ উভতি অহাটো মোৰ বাবে এক আনন্দকৰ অনুভৱ আৰু ৰাজস্থান ৰয়েলছত যোগদান কৰাটো এক সন্মান ৷ সদায় যুৱ প্ৰতিভাৰ প্ৰচাৰ আৰু বিকাশ কৰাত এই ফ্ৰেঞ্চাইজিটোৱে গুৰুত্ব আৰোপ কৰি আহিছে । “আপটন ২০১৩-১৫ বৰ্ষলৈ আৰু তাৰ পিছত ২০১৯ চনত ৰাজস্থান ৰয়েলচৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল ৷ কুমাৰ চাংগাকাৰা এই ছিজনৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে থাকিব ৷ চাংগাকাৰাই দুয়োজন নতুন সদস্যক দললৈ আদৰণি জনাইছে। আনহাতে ৰাজস্থান ৰয়েলচে আশা প্ৰকাশ কৰে যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টি-২০ দ্ৰুত বলাৰসকলৰ মাজৰ অন্যতম লাচিথ মালিংগাৰ দৰে বলাৰৰ নিযুক্তিয়ে দলটোক লাভান্বিত কৰিব ৷