যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা খেলপথাৰৰ পৰা আঁতৰি আছে যশপ্ৰীত বুমৰাহ ৷ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ ৩২৭ দিনৰ পাছত যশপ্ৰীত বুমৰাহ খেলপথাৰলৈ ওভতি আহিছে ৷ শেহতীয়াকৈ খেলপথাৰলৈ ওভতি আহিয়েই তেওঁ মেন অৱ দ্য মেচ খিতাপ লাভ কৰিছে ৷ ইয়াৰ পাছত বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীক ধন্যবাদ জ্ঞাপন কৰে বুমৰাহে।
আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত ৪ অভাৰত ২৪ ৰানেৰে ২টা উইকেট দখল কৰে। ভাৰতীয় অধিনায়কগৰাকীয়ে প্ৰথম অভাৰত দুটা উইকেট দখল কৰি আয়াৰলেণ্ডক সমস্যাত পেলায় ৷ তাৰ পৰা আয়াৰলেণ্ড ঘূৰি আহিব নোৱাৰিলে। মেচৰ মেন অৱ দ্য মেচ খিতাপ লাভ কৰাৰ পিছত বুমৰাহে কয়, “মই নেচনেল ক্ৰিকেট একাডেমীত বহুত বলিং কৰিছিলো।তাৰ ফলাফল লাভ কৰিলো ৷ তাত থকা সহায়ক কৰ্মচাৰীসকলক ধন্যবাদ। ইমান দিনে মই কেতিয়াও অনুভৱ কৰা নাছিলো যে মই দলৰ বাহিৰত আছো । এই সফলতাৰ বহুখিনি কৃতিত্ব তেওঁলোকৰ।“
খেলৰ পূৰ্বে বৰষুণৰ বাবে বতৰ ডাৱৰীয়া হৈ পৰিছিল। ফলত পেচাৰসকলে আৰম্ভণিতে সহায় পাইছিল। বুমৰাহে কয় যে তেওঁ সেইটো ব্যৱহাৰ কৰিছিল। তেওঁ কয় , “বতৰে সহায় কৰি আছিল। মই এই সুযোগ ব্যৱহাৰ কৰিলোঁ। টছত জয়ী হোৱাটো অতি গুৰুত্বপূৰ্ণ আছিল।”
বুমৰাহে অনুভৱ কৰে যে দলটোৱে জয়ী হ’লেও কিছুমান ক্ষেত্ৰত উন্নতি কৰাটো প্ৰয়োজন। এই ছিৰিজত ঘাটি পূৰণ কৰিব বিচাৰিছে তেওঁ। ভাৰতীয় অধিনায়কগৰাকীয়ে কয় –‘ আমি মেচত জয়ী হ’লেও উন্নতিৰ থল আছে। পৰৱৰ্তী মেচত মই ভাল খেলিবলৈ চেষ্টা কৰিম। বিদেশতো আমি যি সমৰ্থন পাইছো তাৰ বাবে সকলোকে ধন্যবাদ।”