VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 28, 2023
in ক্ৰীড়া
পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে
0
SHARES
1.6k
VIEWS
Share on FacebookShare on Twitter

 

মণিপুৰৰ ৰছিবিনা দেৱীয়ে বৃহস্পতিবাৰে এছিয়ান গেমছত ৱুশ্বুত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰে। মহিলাৰ ৬০ কিলোগ্ৰাম শাখাৰ ফাইনেলত ৰূপৰ পদক লাভ কৰে ৰছিবিনাই। ৱুশ্বুৰ দুয়োটা ৰাউণ্ডতে চীনৰ ৱু জিয়াওৰ হাতত পৰাস্ত হয়। ৰূপৰ পদক  লাভ কৰাৰ পাছতে কান্দোনত ভাগি পৰে  মণিপুৰৰ ক্ৰীড়াবিদ গৰাকী ৷

 

 

চীনা প্ৰতিযোগীৰ বিৰুদ্ধে যুঁজ দিয়াটো ৰছিবিনাৰ বাবে সহজ নাছিল। আৰম্ভণিৰে পৰাই তেওঁ প্ৰতিপক্ষক হৰুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ ব্যর্থ হয় । ফলত বিচাৰকসকলে প্ৰথম ৰাউণ্ডত জিয়াওক বিজয়ী ঘোষণা কৰে। অৱশ্যে দ্বিতীয় ৰাউণ্ডৰ আৰম্ভণিতে ৰছিবিনাই জিয়াওক পুনৰ হৰুৱাবলৈ চেষ্টা কৰে ৷  সোণৰ পদক লাভ কৰিবলৈ দ্বিতীয় ৰাউণ্ডত জয়ী হোৱাৰ প্ৰয়োজন আছিল ৰছিবিনাৰ। কিন্তু ৰাউণ্ডৰ শেষত তেওঁ ব্যর্থ হয় ৷ সেই ৰাউণ্ডতো বিচাৰকসকলে জিয়াওক বিজয়ী ঘোষণা কৰিছিল। ফলস্বৰূপে ৰছিবিনাই ৰূপৰ পদকতে  সন্তুষ্ট হ’ব লগা হ’ল।

 

দেশৰ হৈ পদক লাভ কৰি কান্দোনত ভাগি পৰে মণিপুৰৰ এথলীট গৰাকী । মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে মে’ মাহৰ পৰা ঘৰলৈ যাব পৰা নাই  নাই ৰছিবিনা। আনকি তেওঁক পৰিয়ালৰ সদস্যৰ লগত কথা পতাতো নিষেধ কৰা হৈছিল যাতে অনুশীলনত কোনো সমস্যাৰ সৃষ্টি নহয়। পদক লাভ কৰাৰ পিছত অৱশেষত ৰছিবিনাই পৰিয়ালৰ সৈতে কথা পাতে । ইয়াৰ পিছত তেওঁ কান্দোনত ভাগি পৰে ৷

ৰছিবিনা ৰূপত সন্তুষ্ট নহয়। তেওঁৰ লক্ষ্য সোণ। খেলৰ অন্তত তেওঁ কয়, ‘মই সোণ জয় কৰিব নোৱাৰাৰ বাবে মোৰ বেয়া লাগিছে। মই আৰু কষ্ট কৰিম। সোণ জয় কৰিমেই ৷ ”

 

উল্লেখ্য যে  এছিয়ান গেমছ আৰম্ভ হোৱাৰ পূর্বেও ভাৰতৰ ৱুশ্বুক লৈ বিতর্ক সৃষ্টি হৈছিল ৷ অৰুণাচল প্ৰদেশৰ তিনিগৰাকী ক্ৰীড়াবিদক ভিছা প্ৰদান নকৰাক লৈ ভাৰত আৰু চীনৰ কূটনৈতিক সম্পর্ক অৱনতি ঘটিছে ৷ ৰছিবিনা দেৱীয়ে সেই ৱুশ্বুত ৰূপৰ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰিছিল। এছিয়ান গেমছলৈ তেওঁ আহিছিল কোনো অনুশীলন সংগী নোহোৱাকৈয়ে ৷  তদুপৰি মণিপুৰৰ খেলুৱৈগৰাকীয়ে বিগত কেইমাহমান ধৰি গৃহ ৰাজ্যত চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবেও চিন্তিত হৈ পৰিছিল । এছিয়ান গেমছৰ বাবে প্ৰস্তুতি চলাওঁতে তেওঁ সদায় পৰিয়ালৰ সুৰক্ষাৰ কথা চিন্তা কৰি আহিছে।

 

ইতিমধ্যে ৬০ কেজিৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিছিল ৰোছিবিনাই। ইয়াৰ পূৰ্বে মাত্ৰ এজন ব্যক্তিয়েহে ফাইনেলত প্ৰৱেশ কৰিছে। ৱাংখেম সন্ধ্যাৰাণী দেৱীয়ে ২০১০ চনৰ গুৱাংঝু গেমছত পদক লাভ কৰিছিল। ৰছিবিনাও পদকৰ সপোন লৈ হাংঝুলৈ গৈছিল। কিন্তু অনুশীলন সংগী আৰু প্ৰিয় বন্ধু নোহোৱাকৈয়ে  খেল আৰম্ভ লকৰিব লগা হৈছিল তেওঁ ৷

 

অনুশীলনত  ৰছিবিনাৰ অংশীদাৰ হৈছে অনিলু টেগা। তেওঁ  এছিয়াডলৈ যোৱাৰ কথা আছিল। কিন্তু তেওঁ অৰুণাচলৰ বাসিন্দা হোৱাৰ বাবে চীনে তেওঁক ভিছা প্ৰদান কৰা নাছিল। সেই প্ৰসংগত ৰছিবিনাই কয়, “মই ইয়াত সংগ নোপোৱা তিনি বন্ধুৰ বাবে এই পদক উৎসৰ্গা কৰিছো। মই সদায় অনিলুৰ লগত। আমি বহুত ভাল বন্ধু। ইমান ডাঙৰ প্ৰতিযোগিতাত কাষত চিনাকি মানুহ এজন থাকিলে ভাল লাগে ।”

 

তেওঁ লগতে কয়, ‘ভাৰতত ৱুশ্বু এটা সৰু পৰিয়ালৰ দৰে। গতিকে মোৰ সফলতা মোৰ পিতৃ-মাতৃ আৰু তিনিজন বন্ধুৰ বাবে উৎসৰ্গা কৰিছো। এইটোৱেই মোৰ উপহাৰ তেওঁলোকৰ বাবে।”

 

মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ কাৱাফাই মায়াই লেইকেই গাঁৱৰ বাসিন্দা ৰছিবিনা। ৰাজধানী ইম্ফলৰ পৰা এঘণ্টাৰ বাট। জেকী চানৰ চিনেমা চাই ডাঙৰ হৈছিল ৰছিবিনা । চীনৰ যুদ্ধ কলাৰ পৰম্পৰাগত ‘পাম হোল্ড ফিষ্ট চেলুট’ৰ প্ৰতি তেওঁৰ  আছে অতি আকৰ্ষণ। তেওঁ ক’লে, “আৰম্ভণিৰে পৰা সেই চেলুটটো মোৰ ভাল লাগে। গতিকে মই নাভাবো যে মই ৱুশ্বুৰ বাহিৰে আন কোনো খেল বাছি ল’লোহেঁতেন।”

 

মণিপুৰ ৰাজ্যৰ পৰিস্থিতিক  লৈ অধিক চিন্তিত ৰছিবিনা। পিতৃ নৌৰেম ধামু, মাতৃ ৰোমিলা দেৱী আৰু ১৬ বছৰীয়া ভাতৃ নৌৰেম প্ৰিয়াজিৎ সিংক লৈ চিন্তিত হৈ পৰিছে মেইটেই সম্প্ৰদায়ৰ ৰছিবিনা।

 

তেওঁ কয় , “নেতিবাচক পৰিৱেশৰ পৰা আঁতৰত থাকি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছো । দেউতাই প্ৰতিদিনে প্ৰতিবাদ কৰিবলৈ যায়। মায়ে গোটেই ৰাতি পহৰা দি থাকে, যাতে গোটেই গাঁওখন সুৰক্ষিত থাকে। আমাৰ গাঁওখন এখন থানাৰ সন্মুখত। কিন্তু শুনিছো যে তাত থকা আৰক্ষীবোৰো বিপদজনক।”

 

মে’ মাহলৈকে হিংসাৰ খবৰ বৃদ্ধি পোৱাৰ পিছত ৰছিবিনাৰ প্ৰশিক্ষকে তেওঁৰ  ফোনটো আতৰাই ৰাখিছিল ৷  যাতে দৈনিক খবৰটো লাভ নকৰে ৷  দেওবাৰেহে ৰছিবিনাই মাক-দেউতাকৰ লগত কথা পতাৰ সুযোগ পাইছিল। তেওঁ জানে যে ৱুশ্বুত সফলতাই কঠিন সময়ত পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে। বৃহস্পতিবাৰৰ সফলতাৰ পিছত দুখৰ দিনটো সোনকালে সলনি হ’ব বুলি আশা কৰিছে ৰছিবিনাই।

 

Previous Post

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

Next Post

“ভিক্ষাৰী আৰু পকেটমাৰ নপঠিয়াব” হজৰ পূৰ্বে পাকিস্তানলৈ ছৌদি আৰৱৰ কঠোৰ বাৰ্তা

Related Posts

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা
ক্ৰীড়া

১৫ কোটি দিবলৈ সাজু দলঃ গুজৰাট টাইটানছৰ এৰি পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিব হাৰ্দিক পাণ্ডিয়া? আৰম্ভ জল্পনা-কল্পনা

November 25, 2023
Next Post
“ভিক্ষাৰী আৰু পকেটমাৰ নপঠিয়াব”  হজৰ পূৰ্বে পাকিস্তানলৈ ছৌদি আৰৱৰ কঠোৰ বাৰ্তা

"ভিক্ষাৰী আৰু পকেটমাৰ নপঠিয়াব” হজৰ পূৰ্বে পাকিস্তানলৈ ছৌদি আৰৱৰ কঠোৰ বাৰ্তা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7