টিম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলা অহা শুকুৰবাৰে অকলেণ্ডত আৰম্ভ হ’ব। ৰোহিত শৰ্মাৰ অনুপস্থিতিত বাওঁহতীয়া বেটছমেন শিখৰ ধাৱানে দলটোক নেতৃত্ব দিব। চলিত বর্ষত তৃতীয়বাৰৰ বাবে ধাৱানে দলটোক নেতৃত্ব দিব ৷ ইয়াৰ পূৰ্বে তেওঁ ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ সময়ত অধিনায়কত্ব কৰিছিল ৷ তাৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাত ধাৱানে টিম ইণ্ডিয়াৰ নেতৃত্ব দিছিল। সমান্তৰালভাৱে আগন্তুক জিম্বাবুৱেৰ শৃংখলাৰ বাবেও বেটছমেনজনক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল যদিও শেষ মুহূৰ্তত অধিনায়ক সলনি কৰা হৈছে ৷ কে এল ৰাহুল আঘাতৰ পৰা সুস্থ হৈ পুনৰ দললৈ ওভতি অহাৰ পাছত তেওঁক অধিনায়ক হিচাপে দায়িত্ব দিয়া হয় ৷
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ পূৰ্বে ধাৱানক শেষ মুহূৰ্তত জিম্বাবুৱেৰ শৃংখলাৰ অধিনায়ক হিচাপে তেওঁক আঁতৰাই পেলোৱাৰ সময়ত তেওঁৰ কেনে অনুভৱ হৈছে বুলি সোধাত তেওঁ কয় – “আপুনি এটা ভাল প্ৰশ্ন কৰিছে। মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ যে মই মোৰ কেৰিয়াৰৰ এই পৰ্যায়ত দলটোক নেতৃত্ব দিয়াৰ সুযোগ পাইছো। মই ইয়াক লৈ ভাল অনুভৱ কৰিছো আৰু ই এক প্ৰত্যাহ্বান। আমি এটা যুৱ দলৰ সৈতে ভাল ছিৰিজ জয় কৰিছো। যদি মই জিম্বাবুৱে ভ্ৰমণৰ কথা কওঁ, কে এল ৰাহুল আমাৰ মূল দলৰ উপ অধিনায়ক, যেতিয়া তেওঁ ঘূৰি আহিছিল, তেতিয়া মই এই কথাটো মনত ৰাখিছিলো যে তেওঁ এছিয়া কাপলৈ যাব লাগিব।এছিয়া কাপৰ সময়ত যদি ৰোহিত আঘাতপ্ৰাপ্ত হয়, তেন্তে কে এলক হয়তো নেতৃত্ব দিবলৈ কোৱা হ’লহেঁতেন।গতিকে জিম্বাবুৱে ভ্ৰমণৰ সময়ত তেওঁ অনুশীলন কৰাটো ভাল আছিল।’
তেওঁ লগতে কয়, “মই আঘাত পোৱা নাছিলো। মই অনুভৱ কৰোঁ যে যিয়েই নহওক, ভালৰ বাবেই হয়। তাৰ পিছত মোক দক্ষিণ আফ্ৰিকা শৃংখলাৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছিল, নিৰ্বাচক আৰু দল পৰিচালকে মোক সেই সুযোগ দিছিল। মই কেতিয়াও বেয়া অনুভৱ নকৰো।”