গুজৰাট টাইটানছৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভৰ অন্যতম নায়ক আছিল শুভমন গিল। গুজৰাটৰ বেটিং পতনৰ পাছতো শুভমনে ৫৮টা বলত ১০১ ৰানৰ ইনিংছ খেলিছিল। আই পি এলত গুজৰাটৰ হৈ প্ৰথমবাৰৰ বাবে এজন বেটছমেনে শতক অৰ্জন কৰে। এই ইনিংছত শুভমনে ২২টা বলত ৫০ ৰান সম্পূৰ্ণ কৰে। তেওঁ হার্দিকৰ দলৰ হৈ তৃতীয় সৰ্বাধিক দ্ৰুততম অর্ধশতক অৰ্জন কৰে।
হায়দৰাবাদৰ বিৰুদ্ধে শুভমনে শতক অৰ্জন কৰাৰ লগতে কমলা ৰঙৰ টুপীৰ দৌৰত তিনিজন বেটছমেনক পৰাস্ত কৰে। তেওঁলোক হ’ল মুম্বাই ইণ্ডিয়ানছৰ সূৰ্যকুমাৰ যাদৱ, চেন্নাই ছুপাৰ কিংছৰ ডেভন কনৱে আৰু ৰাজস্থান ৰয়েলছৰ ইয়াছাস্বী জয়ছৱাল। বর্তমান দ্বিতীয় স্থানত আছে শুভমন। ১৩খন মেচত ৫৭৬ ৰান সংগ্ৰহ কৰিছে তেওঁ । এটা শতকৰ লগতে তেওঁ চাৰিটা অর্ধশতক অর্জন কৰিছে ৷ এইবাৰ আই পি এলত তেওঁৰ গড় ৰাণ হৈছে ৪৮ ।
কমলা ৰঙৰ টুপীৰ বাবে দৌৰত শীৰ্ষস্থান দখল কৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অধিনায়ক ফাফ ডু প্লেছিছ। তেওঁ এই পৰ্যন্ত ১২খন মেচত ৬৩১ ৰান সংগ্ৰহ কৰিছে। গড় ৰাণ ৫৭.৩৬। ডুপ্লেচিয়ে এটাও শতক অর্জন কৰিব নোৱাৰিলেও ৭টা অৰ্ধশতক অর্জন কৰিছে ৷ যদিও শুভমন দ্বিতীয় স্থানত আছে ৷ তৃতীয় স্থানত আছে যশস্বী । তৃতীয় স্থানত থকা ৰাজস্থানৰ বেটছমেনগৰাকীয়ে ১৩খন খেলত গড়ে ৪৭.৯২ ৰান সংগ্ৰহ কৰি ৫৭৫ ৰান সংগ্ৰহ কৰিছে।
সোমবাৰে ঋদ্ধিমান সাহা, হাৰ্দিক, ডেভিদ মিলাৰ, ৰাহুল টেৱাটিয়া, ছাই সুদৰ্শন একেৰাহে আউট হৈছিল যদিও শুভমনে নিজৰ প্ৰদর্শনেৰে দলটোক আগুৱাই লৈ যায় ৷ উল্লেখযোগ্য যে শুভমন আৰু সুদৰ্শনৰ বাহিৰে গুজৰাটৰ কোনো বেটছমেনে হায়দৰাবাদৰ বিৰুদ্ধে দুটা সংখ্যাৰ ৰান সংগ্ৰহ কৰিব নোৱাৰিলে।