ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয় দক্ষিণ আফ্ৰিকা। বর্ষাবিঘ্নিত খেলখনত আইডেন মাৰ্ক্ৰামৰ দলে ৰভমেন পাৱেলৰ দলটোক ৩ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি বিশ্বকাপৰ আয়োজক দলটোৱে ৮ উইকেটত ১৩৫ ৰান সংগ্ৰহ কৰে। বৰষুণৰ বাবে দক্ষিণ আফ্ৰিকাৰ লক্ষ্য ১৭ অভাৰত ১২৩ ৰান বান্ধি দিয়া হয়। পাঁচটা বল বাকী থকা অৱস্থাত দলটোৱে মেচখনত জয়লাভ কৰে। দক্ষিণ আফ্ৰিকাই ১৬.১ অভাৰত ৭ উইকেটত ১২৪ ৰান সংগ্ৰহ কৰে।
দক্ষিণ আফ্ৰিকাৰ জয়ৰ অন্যতম নায়ক হৈছে টাব্ৰেজ ছামছি। বাওঁহাতৰ স্পিনাৰগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ ইনিংছত ৩টা উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ আন বলাৰসকলেও বিপক্ষৰ বেটছমেনসকলক হেঁচাত ৰাখিবলৈ সক্ষম হয় ৷ অ’পেনাৰ কাইল মেয়াৰ্ছে ৩৪টা বলত ৩৫ ৰান সংগ্ৰহ কৰে।
দক্ষিণ আফ্ৰিকাই ১৩৬ ৰানৰ লক্ষ্যৰে বেটিং কৰে ৷ তেওঁলোকৰ ইনিংছৰ ২ অভাৰৰ পিছত বৰষুণ দিবলৈ আৰম্ভ কৰে । কিছু সময়ৰ বাবে খেল বন্ধ হৈ পৰে ৷ পিছত অভাৰ ১৭ লৈ হ্ৰাস কৰা হয়। জয়ৰ লক্ষ্য ১২৩ ৰান বান্ধি দিয়া হয় । দলীয় প্ৰচেষ্টাত দলটো বিজয়ী হয় ৷
ৱেষ্ট ইণ্ডিজৰ সবাতোকৈ সফল বলাৰ চেজে ১২ ৰানত ৩টা উইকেট দখল কৰে। আন্দ্ৰে ৰাছেলে ১৯ ৰানত ২ উইকেট দখল কৰে। এই পৰাজয়ৰ লগে লগে টি-২০ বিশ্বকাপৰ আয়োজক দুয়োখন দেশ ছুপাৰ এইট পৰ্যায়ৰ পৰা বাহিৰ হ’ল ৷