ভাৰতীয় ফুটবল তাৰকা সুনীল ছেত্ৰীয়ে আজি খেলিব কেৰিয়াৰৰ অন্তিমখন খেল। কলকাতাত কুৱেইটৰ বিৰুদ্ধে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিব খেলুৱৈগৰাকীয়ে। ইয়াৰ পাছতে সুদীৰ্ঘ দুটা দশকজোৰা পৰিক্ৰমাৰ অন্ত পেলাই আন্তৰ্জাতিক ফুটবলৰ পৰা তেওঁ গ্ৰহণ কৰিব অৱসৰ ৷
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৩৯বছৰীয়া তাৰকা ফুটবলাৰগৰাকীৰ ২০০৫চনৰ ১২জুনত আন্তৰ্জাতিক ফুটবলত অভিষেক ঘটিছিল। পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল সুনীল ছেত্ৰীয়ে ৷ উক্ত মেচতে প্ৰথমটো গল কৰিবলৈ সক্ষম হৈছিল ফুটবলাৰ গৰাকীয়ে।
সুনীল ছেত্ৰীয়ে দেশৰ উপৰি বিভিন্ন ক্লাৱৰ হৈও খেলিছিল ফুটবল। মোহন বাগান, আই এছ এল আদি বিভিন্ন পেচাদাৰী প্ৰতিযোগিতাত তেওঁ অংশ লৈছে। তেঁওৰ নেতৃত্বতে ভাৰতীয় ফুটবলে আন্তর্জাতিক ক্ষেত্ৰত এক সুকীয়া পৰিচয় লাভ কৰিছে ।আন্তৰ্জাতিক পৰ্যায়ত তেঁও খেলিছে ১৫০খন মেচ ৷ তেঁও দিয়া গ’লৰ সংখ্যা ৯৪টা ।
বিশ্বৰ সৰ্বাধিক গ’ল দাতাৰ তালিকাত সম্প্ৰতি সুনীল ছেত্ৰীৰ স্থান হৈছে চতুৰ্থ। ১২৮টা গলৰে শীৰ্ষত আছে ক্ৰিষ্টিয়ান ৰোণাল্ডো। ভাৰতীয় ফুটবলৰ ক্ষেত্ৰত সুনীল চেত্ৰীৰ অৱদান অপৰিসীম। অৱসৰ ল’লেও ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদান ইতিহাসৰ পাতত লিপিৱদ্ধ হৈ থাকিব ৷