শুকুৰবাৰে অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম ৷ বহু প্ৰতিক্ষীত এই নিলামত ৪০৫ গৰাকী ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব । এইবাৰ নিলামত বেন ষ্ট’কছ, কেমেৰন গ্ৰীণৰ দৰে ক্ৰিকেটাৰৰ মূল্য সর্বাধিক হ’ব বুলি আশা কৰা হৈছে ৷
অহা বছৰৰ পৰা আৰম্ভ হ’ব আই পি এল। ১ এপ্ৰিলৰ পৰা হ’ব পাৰে আই পি এল। প্ৰায় তিনি মাহ আগতে এই নিলাম অনুষ্ঠিত হ’ব । শুকুৰবাৰে দুপৰীয়া ২.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই নিলাম। এই নিলাম ষ্টাৰ স্প’ৰ্টছত প্ৰদৰ্শিত হ’ব। জিঅ’ চিনেমা এপৰ জৰিয়তে মোবাইলতো চাব পাৰিব। শ্ৰেষ্ঠ ক্ৰিকেটাৰ ক্ৰয় কৰিবলৈ আই পি এলৰ ১০টা দলে প্ৰতিদ্বন্দিতা কৰিব । কোচিৰ এখন বিলাসী হোটেলত অনুষ্ঠিত হ’ব এই নিলাম।
এই নিলামত আই পি এলে প্ৰকাশ কৰিছে ৪০৫ গৰাকী ক্ৰিকেটাৰৰ বিশাল তালিকা। এই ৪০৫ জনৰ ভিতৰত ৮৭ জনক বিক্ৰী কৰিব পাৰিব। আই পি এলৰ নাম উল্লেখ কৰা ৪০৫ জনৰ ভিতৰত ২৭৩ জন ভাৰতীয় আৰু ১৩২ জন বিদেশী ক্ৰিকেটাৰ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ খেলা ক্ৰিকেটাৰৰ সংখ্যা ১১৯ জন। নিলামত ২৮২ গৰাকী ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা নাই।
সৰ্বাধিক ধনেৰে নিলাম অংশ ল’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ। তেওঁলোকৰ হাতত আছে ৪২ কোটি ২৫ লাখ টকা। ১৩জন ক্ৰিকেটাৰ দলটোৱে কিনিব পাৰিব। প্ৰতিটো নিলামত পঞ্জাব কিংছে প্ৰায় সমগ্ৰ দলটো সলনি কৰে। এইবাৰো সলনি কৰাৰ সম্ভাৱনা আছে ৷ অভিনেত্ৰী প্ৰীতি জিন্তাৰ দলৰ পকেটত আছে ৩২ কোটি ২০ লাখ টকা। ৯ জন ক্ৰিকেটাৰ তেওঁলোকে কিনিব পাৰিব। যোৱা নিলামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পকেট সম্পূৰ্ণৰূপে খালী হৈ পৰিছিল। কিন্তু এইবাৰ নিলামৰ পূৰ্বে জেছন হোল্ডাৰৰ দৰে ক্ৰিকেটাৰক তেওঁলোকে মুকলি কৰি দিছে। এতিয়া তেওঁলোকৰ হাতত আছে ২৩ কোটি ৩৫ লাখ টকা। এই টকাৰে ১০ জন ক্ৰিকেটাৰ কিনিব পাৰিব।
২০ কোটি ৫৫ লাখ টকা মুম্বাইৰ পকেটত। এই টকাৰে ৯ জন ক্ৰিকেটাৰ কিনিব পাৰিব। মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে এই নিলামত দলটোক সংগঠিত কৰিব বিচাৰিব। তেওঁলোকৰ হাতত আছে ২০ কোটি ৪৫ লাখ টকা। ৭ জন ক্ৰিকেটাৰ কিনিব পাৰিব দলটোৱে । ১৯ কোটি ৪৫ লাখ টকাৰে নামিব দিল্লী কেপিটেলছ। ৫ জন ক্ৰিকেটাৰ কিনিব পাৰিব। যোৱাবাৰৰ চেম্পিয়ন গুজৰাটে এইবাৰো দলৰ উন্নতি সাধন কৰিব বিচাৰিছে। তেওঁলোকৰ হাতত আছে ১৯ কোটি ২৫ লাখ টকা। ৭ জন ক্ৰিকেটাৰ তেওঁলোকে কিনিব পাৰিব। ৰাজস্থানে দলৰ ব্যৱধান পূৰণ কৰিব বিচাৰিছে। তেওঁলোকৰ হাতত আছে ১৩ কোটি ২০ লাখ টকা। ৰাজস্থানে ক্ৰয় কৰিব পাৰিব ৯ জন ক্ৰিকেটাৰ।
নিলামৰ পূৰ্বে বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হাতত আছে ৮.৭৫ কোটি টকা। ৭ জন ক্ৰিকেটাৰ তেওঁলোকে কিনিব পাৰিব। নিলামৰ পূৰ্বে সৰ্বনিম্ন ধন আছে কলকাতাৰ। মাত্ৰ ৭ কোটি ৫ লাখ টকাৰে নিলামত অংশ ল’ব কলকাতাই। কিন্তু তেওঁলোকে এতিয়াও ১১জন ক্ৰিকেটাৰ কিনিব পাৰিব।