হৰমীত দেশাই একক শাখাত ভাৰতৰ এক নম্বৰ টেবুল টেনিছ খেলুৱৈ। কিন্তু এছিয়ান গেমছৰ একক দলত তেওঁক অন্তৰ্ভুক্ত কৰা নহ’ল। এনে সিদ্ধান্তত ক্ষুন্ন হৈ পৰিছে খেলুৱৈগৰাকী ৷ ২৯ বছৰীয়া টেবুল টেনিছ খেলুৱৈগৰাকীয়ে দল নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।
এছিয়ান গেমছৰ টেবুল টেনিছ দলত স্থান লাভ কৰিছে হৰমীতৰ। কিন্তু তেওঁ কেৱল মিক্সড ডাবলছহে খেলিব। একক শাখাত খেলিব শৰৎ কমল আৰু সত্যেন জ্ঞানশেখৰনে। মাত্ৰ দুজন খেলুৱৈকহে চিংগলৰ বাবে পঠিয়াব পাৰিব। সংবাদ সংস্থা পিটিআইক হৰমীতে কয়, ‘এয়া মোৰ তৃতীয় এছিয়ান গেমছ। বাছনি প্ৰক্ৰিয়া অনুসৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মেচৰ প্ৰদর্শন বিবেচনা কৰা উচিত । সেই অনুসৰি মই চিংগল খেলা উচিত। কেৱল মিক্সড ডাবলছ নহয়।”
মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচনৰ ৰেংকিঙত ভাৰতীয়ৰ ভিতৰত হৰমীতে শীৰ্ষস্থান দখল কৰে। তেওঁ বিশ্বৰ ভিতৰতে ৬৪ নম্বৰ স্থানত আছে। হৰমীতে যোৱা কেইখনমান প্ৰতিযোগিতাত ছেমি ফাইনেল, কোৱাৰ্টাৰ ফাইনেল খেলিছে। আনহাতে শৰৎ আৰু সত্যেনে তেনেধৰণৰ খেল খেলা নাই ৷ বিশ্ব ৰেংকিঙত শৰৎ ৬৯ আৰু সত্যেন ৮৮ নম্বৰ স্থানত আছে। কিন্তু এছিয়ান গেমছত একক খেল খেলিবলৈ তেওঁলোকক বাচনি কৰা হৈছে। যোৱা সপ্তাহত আলটিমেট টেবুল টেনিছ লীগত হৰমীতে সত্যেনক ৩-০ ছেটত পৰাস্ত কৰিছিল।
গতিকে হৰমীতক বাদ দি শৰৎ আৰু সত্যেনক কিয় এছিয়ান গেমছলৈ প্ৰেৰণ কৰা হৈছে? দৰাচলতে এছিয়ান গেমছৰ দলটো নিৰ্বাচিত হোৱাৰ সময়ত হৰমীত বিশ্ব ৰেংকিঙত পিছ পৰি আছিল। তেওঁৰ স্থান আছিল ৭১ নম্বৰ। তেওঁতকৈ আগত আছিল শৰৎ (৫৪) আৰু সত্যেন (৬০)। টেবুল টেনিছ ফেডাৰেচনৰ নিয়ম অনুসৰি এছিয়ান গেমছৰ দল নিৰ্বাচনত ঘৰুৱা প্ৰদৰ্শনৰ ৫০ শতাংশ, আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শন ৪০ শতাংশ আৰু নিৰ্বাচকৰ সিদ্ধান্তৰ ১০ শতাংশ পইন্ট বিবেচনা কৰা হয় ।
যোৱা এছিয়ান গেমছত হৰমীত, শৰৎআৰু সত্যেনৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ৬০ বছৰৰ পাছত ভাৰতে এছিয়ান গেমছত টেবুল টেনিছত পদক অৰ্জন কৰে।