দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব আগন্তুক এদিনীয়া বিশ্বকাপ। ২০২৭ চনৰ বিশ্বকাপৰ খেলসমূহ সেই দেশৰ আঠখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। তিনি বছৰ পূৰ্বে চূড়ান্ত কৰা হৈছে বিশ্বকাপৰ স্থানসমূহ।
পৰৱৰ্তী বিশ্বকাপৰ একমাত্ৰ আয়োজক দেশ নহয় দক্ষিণ আফ্ৰিকা। জিম্বাবুৱে আৰু নামিবিয়াও সহ-আয়োজক। ক্ৰিকেট দক্ষিণ আফ্ৰিকা (সেই দেশৰ ক্ৰিকেট সংস্থাই) বিশ্বকাপৰ বাবে আঠটা স্থান চিনাক্ত কৰিছে। জিম্বাবুৱে আৰু নামিবিয়াই অৱশ্যে এতিয়াও খেলপথাৰ চূড়ান্ত কৰিব পৰা নাই। ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ মুখ্য কাৰ্যবাহী ফলেট্সি মোচেকিয়ে কয় –“ আমি বিশ্বকাপৰ স্থানসমূহ বিজ্ঞানসন্মতভাৱে সকলো দিশ পৰীক্ষা কৰি চূড়ান্ত কৰিছো। ষ্টেডিয়ামৰ ওচৰৰ কিছুমান মানসম্পন্ন হোটেল, অনুশীলন খেলপথাৰ, বিমানবন্দৰৰ পৰা দূৰত্বৰ দৰে কাৰকসমূহ বিবেচনা কৰিব লাগিব। আমি এই কথাটোক গুৰুত্ব দিছো যে বিশ্বকাপৰ সময়ত ক্ৰিকেটাৰসকলে বেছি ভ্ৰমণ কৰিব নালাগে।“
দক্ষিণ আফ্ৰিকাত আইচিচিৰ স্বীকৃতিপ্ৰাপ্ত ১১খন ষ্টেডিয়াম আছে। ইয়াৰ ভিতৰত বেন’নি, জে বি মাৰ্কছ অভেল আৰু ডাইমণ্ড অভেলে এই তালিকাত স্থান লাভ কৰা নাছিল। বিভিন্ন অসুবিধাৰ বাবে তিনিখন ষ্টেডিয়াম বিশ্বকাপৰ তালিকাৰ পৰা বাদ পৰিছে। নিৰ্বাচিত আঠখন ষ্টেডিয়াম হ’ল ছেণ্ডটনৰ ৱাণ্ডাৰাৰছ, চেঞ্চুৰিয়ানৰ ছুপাৰ স্প’ৰ্টছ পাৰ্ক, ডাৰবানৰ কিংছমিড, গকবেৰহাৰৰ ছেইণ্ট জৰ্জ পাৰ্ক, পাৰ্লৰ ব’লেণ্ড পাৰ্ক, কেপ টাউনৰ নিউলেণ্ডছ, ব্ল’মফণ্টেইনৰ মাংগাউং ওবাল আৰু ইষ্ট লণ্ডনৰ বাফেলো পাৰ্ক।
বিশ্বকাপ আয়োজনৰ বাবে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেই এই প্ৰতিযোগিতাত পোনপটীয়াকৈ খেলাৰ সুযোগ পাব। অৱশ্যে আফ্ৰিকান কোৱালিফায়াৰত খেলি নামিবিয়াই যোগ্যতা অৰ্জন কৰিব লাগিব।