ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত মহম্মদ চিৰাজে মেন অৱ দ্য মেচ খিতাপ লাভ কৰে । ভাৰতীয় পেচাৰগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ৫টা উইকেট দখল কৰে। তেওঁ টেষ্ট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে মেন অৱ দ্য মেচ খিতাপ লাভ কৰে ৷ অৱশ্যে ছিৰাজে নিজৰ বঁটাৰ কৃতিত্ব নিজে লোৱা নাই। তেওঁ দলৰ অধিনায়ক ৰোহিত শৰ্মাক ক্ৰেডিট দিছে এই কৃতিত্বৰ ।
ছিৰাজৰ কয় যে অধিনায়কজনে কৰা পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰিছিল তেওঁ । ছিৰাজে কয়, ‘টেষ্টত এয়া মোৰ প্ৰথম মেন অৱ দ্য মেচৰ বঁটা। গতিকে নিশ্চিতভাৱে এটা বিশেষ মুহূৰ্ত। উইকেটত পেচাৰৰ কোনো সুবিধা নাছিল। গতিকে এই উইকেটত ভাল বলিং কৰিবলৈ সক্ষম হোৱাৰ পিছত আত্মবিশ্বাস বহু পৰিমাণে বাঢ়ি গ’ল। মোৰ এটা নিৰ্দিষ্ট পৰিকল্পনা আছিল। ৰোহিতে তেওঁক বিশ্বাস কৰিছিল। মোৰ পৰিকল্পনা অনুসৰি ফিল্ডিঙৰ ব্যৱস্থা কৰিছিল। ৰোহিতে মোক সম্পূৰ্ণ স্বাধীনতা দিলে। গতিকে এই সফলতাৰ কৃতিত্ব ৰোহিতৰ।“
লগতে ৰোহিত শর্মাইও ছিৰাজৰ বলিঙৰ প্ৰশংসা কৰে। ভাৰতৰ অধিনায়কজনে কয়, ‘প্ৰথম ইনিংছত ছিৰাজে বহুত ভাল বলিং কৰিছিল। পেচাৰসকলে উইকেটৰ পৰা কোনো সহায় লাভ কৰা নাছিল। সেই সময়ত ৫টা উইকেট লোৱা মুখৰ কথা নহয়। লগতে আমাৰ বলিং বিভাগৰ নেতৃত্ব দিছিল। ছিৰাজৰ বলিং দেখি মই বৰ আনন্দিত হৈছো।‘
প্ৰথমে বেটিং কৰি ভাৰতে দ্বিতীয় টেষ্টত ৪৩৮ ৰান সংগ্ৰহ কৰে। ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেলত শতক অৰ্জন কৰে বিৰাট কোহলীয়ে। ৰোহিতৰ পৰা আহে ৮০ ৰান। ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত ২২৯ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত ভাৰতে মাত্ৰ ২৪ অভাৰত ২ উইকেটত ১৮১ ৰান ঘোষণা কৰে। ৱেষ্ট ইণ্ডিজৰ লক্ষ্য আছিল ৩৬৫ ৰান। চতুৰ্থ দিনৰ শেষত তেওঁলোকে ২ উইকেটত ৭৬ ৰান সংগ্ৰহ কৰে। পঞ্চম দিনা বৰষুণৰ বাবে খেল অনুষ্ঠিত নহ’ল ৷ অধিনায়ক দুজনৰ সৈতে কথা পতাৰ অন্তত আম্পায়াৰসকলে খেলখন ড্ৰ’ ঘোষণা কৰে। ২০২৩-২৫ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ শৃংখলাৰ প্ৰথমখন খেলত জয়লাভ কৰি ভাৰতে সম্পূৰ্ণ ১২ পইণ্ট লাভ কৰে। কিন্তু দ্বিতীয়খন টেষ্ট ড্ৰ’ হোৱাৰ বাবে দুয়োটা দলে ৪ পইণ্ট লাভ কৰে। ফলত ভাৰতৰ পইণ্ট ১৬। আনহাতে ৱেষ্ট ইণ্ডিজৰ পইণ্ট ৪।