কে এল ৰাহুলৰ ভৰিৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে । মঙলবাৰে মুম্বাইৰ এখন চিকিৎসালয়ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। ১ মে’ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ফিল্ডিং কৰি থকাৰ সময়তে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়কগৰাকীয়ে উৰুৰ পেশীত আঘাত পাইছিল।
ৰাহুলে নিজেই ছ’চিয়েল মিডিয়াত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হোৱাৰ কথা ঘোষণা কৰিছিল। সফল অস্ত্ৰোপচাৰৰ বিষয়েও তেওঁ ছ’চিয়েল মিডিয়াত অৱগত কৰে। লগতে তেওঁ ক্ষন্তেকতে খেলপথাৰলৈ ঘূৰি অহাৰ আশা প্ৰকাশ কৰে। অৱশ্যে এদিনীয়া বিশ্বকাপৰ পূৰ্বে তেওঁ খেললৈ ঘূৰি আহিব পাৰিব নে নাই সেয়া নিশ্চিত হোৱা নাই। চিকিৎসকেও এই সন্দৰ্ভত স্পষ্টভাৱে প্ৰকাশ কৰা নাই ৷ আঘাতপ্ৰাপ্ত হৈ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ নিৰ্দেশত ৰাহুলে লক্ষ্ণৌৰ পৰা মুম্বাইলৈ গুচি যায়। ব’ৰ্ডৰ চিকিৎসা সমিতিৰ পৰামৰ্শ মতে ৰাহুলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।
ছচিয়েল মিডিয়াত ৰাহুলে লিখিছে, ‘মোৰ অস্ত্ৰোপচাৰ শেষ হৈছে। অস্ত্ৰোপচাৰ সফল হ’ল। অস্ত্ৰপোচাৰ সুকলমে চলাই দিয়াৰ বাবে ডাক্তৰ আৰু নাৰ্ছসকলক ধন্যবাদ। এতিয়া মই আৰোগ্যৰ বাবে অপেক্ষা কৰি আছো। মই শ্ৰেষ্ঠ ছন্দত খেলপথাৰলৈ উভতি যাবলৈ বদ্ধপৰিকৰ।”
কেইবাদিনো ধৰি চিনাকি ছন্দত দেখা পোৱা নাই ৰাহুলক। আই পি এলতো বিশেষ সফলতা লাভ কৰা নাই ৷ তেওঁৰ সলনি হিচাপে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অ’ভেল টেষ্টৰ বাবে ভাৰতীয় দললৈ আহিছে ঈশান কিষাণ। আনহাতে, আই পি এলত লক্ষ্ণৌৰ নেতৃত্বত আছে ক্ৰুনাল পাণ্ডিয়াই।