ভাৰতৰ হৈ এদিনীয়াত অভিষেক ঘটাব পৰা নাই তিলক বাৰ্মাই। আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ ভাল খেলি ভাৰতৰ টি-২০ দলত সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে । চলিত মাহৰ আৰম্ভণিতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল তিলকে । কেৰিবিয়ানৰ বিৰুদ্ধে পাঁচখন টি-২০ মেচ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেল খেলাৰ পাছত তেওঁক এদিনীয়া দলত স্থান দিয়া হৈছে । এছিয়া কাপৰ দলতো অন্তভুর্ক্ত হৈছে তেওঁ । এনে সুযোগ পাই হায়দৰাবাদৰ বাওঁহতীয়া বেটছমেনজন নিজেই আচৰিত হৈ পৰিছে ৷
সোমবাৰে ভাৰতে এছিয়া কাপৰ ১৭ জনীয়া দল ঘোষণা কৰে। সেই দলত তিলকক ৰখা হৈছে। ৱেষ্ট ইণ্ডিজৰ শৃংখলাত পাঁচখন মেচত ১৭৩ ৰান সংগ্ৰহ কৰে যুৱ বাওঁহতীয়া বেটছমেনগৰাকীক। সেই ছিৰিজৰ বেছিভাগ ৰান তেওঁৰ বেটৰ পৰাই আহিছিল। আয়াৰলেণ্ডৰ বিৰুদ্ধে একেৰাহে দুখন খেলত ৰান লাভ কৰিব নোৱাৰিলেও ৰোহিত শৰ্মাই তিলকৰ ওপৰত নিৰ্ভৰ কৰিছে। এই সুযোগ সন্দৰ্ভত তিলকে কয় –“ মোৰ এদিনীয়া ক্ৰিকেট অভিষেক এছিয়া কাপত হ’ব পাৰে বুলি মই কল্পনা কৰিব নোৱাৰো। মোৰ বিশ্বাস আছিল যে মই এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ খেলিম। কিন্তু এছিয়া কাপৰ দৰে প্ৰতিযোগিতাত সেয়া হ’ব পাৰে বুলি মই ভবা নাছিলো। টি-২০ত অভিষেক ঘটোৱা বছৰটো, একে বছৰতে এদিনীয়া ক্ৰিকেট খেলাৰ সুযোগ মোৰ বাবে এক সপোন।”
আই পি এলত মুম্বাইৰ হৈ খেলিছিল তিলকে । ৰোহিত সেই দলৰ অধিনায়ক। তিলক ক’লে, “ৰোহিত ভাই সদায় মোৰ কাষত থিয় হৈ আহিছে। আনকি আই পি এলত প্ৰথমবাৰৰ বাবে খেলিবলৈ যোৱাৰ সময়তো ৰোহিত ভাইয়ে মোক চাপ ল’বলৈ মানা কৰিছিল। তেওঁৰ লগত যিকোনো সময়তে কথা পাতিব পাৰিম। কিবা অসুবিধা হ’লে মই ৰোহিত ভাইৰ ওচৰলৈ যাব পাৰো। পঞ্জাব কিংছৰ বিৰুদ্ধে খেলত আউট হোৱাৰ বাবে বিচলিত হৈছিলো। সেই সময়ত ৰোহিত ভাই মোৰ লগত কথা পাতিলে। সেইটোৱে মোক প্ৰচণ্ড সহায় কৰিলে।”
৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। ভাৰতৰ প্ৰথমখন খেল পাকিস্তানৰ বিৰুদ্ধে। সেই মেচখন হ’ব ২ ছেপ্টেম্বৰত। ভাৰতে শ্ৰীলংকাত এছিয়া কাপ খেলিব। এইবাৰ এদিনীয়া বিশ্বকাপৰো আয়োজন কৰা হৈছে ভাৰতত । ভাৰতে ঘৰুৱা ক্ষেত্ৰত সেই প্ৰতিযোগিতা খেলাৰ পূৰ্বে এছিয়া কাপত নিজৰ দলটোক পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। গতিকে কেৱল এছিয়া কাপেই নহয়, বিশ্বকাপ খেলাৰ সুযোগো হয়তো তিলকলৈ আহিব পাৰে।