নিজৰ প্ৰদর্শনেৰে এইবাৰ আই পি এলত উজলি উঠা ক্ৰিকেটাৰসকলৰ অন্যতম হৈছে চানৰাইজাৰ্ছ হায়দৰাবাদৰ পেচাৰ উমৰাণ মালিক ৷ তেওঁৰ প্ৰদৰ্শনে অনুৰাগী, বিশেষজ্ঞসকলৰ মন জয় কৰিছে। দেওবাৰে চেন্নাই চুপাৰ কিংছৰ (চিএছকে) বিৰুদ্ধে সৰ্বশ্ৰেষ্ঠ প্ৰদর্শন কৰিব নোৱাৰিলেও এক অভিলেখ ৰচনা কৰিবলৈ সক্ষম হ’ল বলাৰজন ৷ আই পি এলৰ চলিত ছিজনত আটাইটকৈ বেগী বলাৰ হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছে ৷ মেচখনৰ সময়ত দুবাৰ তেওঁ প্ৰতি ঘণ্টাত ১৫৪ কিল’মিটাৰ বেগত বলিং কৰে ৷ উমৰানে দশম অভাৰত ৰুতুৰাজ গায়কোৱাডলৈ প্ৰতি ঘণ্টাত ১৫৪ কিল’মিটাৰ বেগত বলিং কৰে ৷ অৱশ্যে চিএছকেৰ অপেনাৰজনে তীব্ৰ বেগী বলটোত ফ’ৰ মাৰিবলৈ সক্ষম হয় ৷ ২২ বছৰীয়া বলাৰজনে এইবাৰ ১৯ অ’ভাৰত আকৌ এবাৰ প্ৰতি ঘণ্টাত ১৫৪ কিলোমিটাৰ বেগত বলিং কৰে ৷ এইবাৰ তেওঁৰ সন্মুখত আছিল এম এছ ধোনী ৷ ধোনীয়েও এই বলটো ডিফেণ্ড কৰি এক ৰাণ সংগ্ৰহ কৰে ৷