গাড়ীৰ প্ৰতি বিৰাট কোহলিৰ আকর্ষন সর্বজনবিদিত ৷তেওঁৰ গেৰেজত বিভিন্ন সময়ত দেখা গৈছে দামী গাড়ী। বিৰাট কোহলীয়েও ছ’চিয়েল মিডিয়াত সেই গাড়ীৰ বিষয়ে বহু পোষ্ট দিছিল। কিন্তু ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয় যে এতিয়া তেওঁৰ গেৰেজত গাড়ী খুব কম। অধিকাংশ গাড়ী বিক্ৰী কৰি দিছে। কোহলীৰ মন্তব্যই কৌতুহলৰ সৃষ্টি কৰিছে। কিয় হঠাতে ইমান গাড়ী কিয় বিক্ৰী কৰিলে?
আৰচিবিৰ ইউটিউব চেনেলত এটা ভিডিঅ’ত কোহলীয়ে কয়, ‘মোৰ বেছিভাগ গাড়ীয়েই আকস্মিকভাৱে ভাল লগাৰ বাবে ক্ৰয় কৰা ৷ সেই গাড়ীবোৰ খুব কমেইহে চলোৱা হৈছিল ৷ এতিয়া অনুভৱ হৈছে যে এনেকৈ গাড়ী কিনি লাভ নাই। গতিকে বেছিভাগ গাড়ী বিক্ৰী কৰি দিছো। এতিয়া আমাক যি প্ৰয়োজন সেইখনহে আছে ৷ “
ইয়াৰ দ্বাৰা কোহলীয়ে তেওঁৰ পৰিপক্ক মানসিকতাক উজ্জ্বল কৰি তুলিছে। ক্ৰিকেট খেলপথাৰতেই হওক বা খেলপথাৰৰ বাহিৰত হওক তেওঁ যে পৰিপক্ক সেয়া বুজাই দিছে । কোহলীয়ে কয়, “মানুহৰ বয়স বৃদ্ধিৰ লগে লগে তেওঁলোকে নিজৰ চৌপাশৰ কথাবোৰ ভালদৰে চিনি পায় আৰু বুজি পায়। তেতিয়া মানুহে যি লাগে তাক নিবিচাৰে।”
কিছুদিন পূৰ্বে কোহলীয়ে আই পি এলক লৈ মুখ মেলিছিল। ক’লে, ‘ক্ৰিকেটৰ প্ৰতি মোৰ প্ৰেম একেই আছে। নিজকে পুনৰ উদ্ভাৱন কৰিবলগীয়া হ’ল। গতিকে খেলপথাৰৰ পৰা অলপ আঁতৰি আহিলোঁ। মই বিধ্বস্ত হ’লে কেনেকৈ মুক্তি পাম সেইটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছিলো। মানুহ হিচাপে নিজৰ লগত যোগাযোগ কৰাটো প্ৰয়োজনীয় আছিল। মই নিজকে অনবৰতে প্ৰদৰ্শনৰ দ্বাৰা বিচাৰ কৰিব বিচৰা নাছিলো। ক্ৰিকেটৰ বাহিৰত থকাৰ বাবে বহুত লাভৱান হৈছো। খেলখনৰ প্ৰতি উত্তেজনা আৰু প্ৰেম বাঢ়ি গ’ল। ঘূৰি অহাৰ পিছত প্ৰতিখন মেচতে নতুন নতুন সুযোগ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলোঁ। মোৰ মূৰত এতিয়া কোনো হেঁচা নাই।”
কোহলীয়ে লগতে কয়, ‘ই মোৰ খেল ভাল কৰি তুলিলে। টি-২০, এদিনীয়া আৰু শেহতীয়াকৈ টেষ্ট শৃংখলাতো ভাল খেলিছিলো। আগতে যিদৰে খেলিছিলো সেইদৰে খেলি আছো। এতিয়াও শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিব লাগিব। আশাকৰোঁ এই আই পি এলত মোৰ খেলখনক পৰৱৰ্তী স্তৰলৈ লৈ যাব পাৰিম। তেতিয়া দলটোৰো উন্নতি হ’ব৷”