আইচিচিৰ এদিনীয়া ক্ৰিকেট ৰেংকিঙত বেটিং ক্ৰমত শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে আয়াৰলেণ্ডৰ হেৰী টেক্টৰ। একে সময়তে তেওঁ বিৰাট কোহলীক অতিক্ৰম কৰিছে । বাংলাদেশৰ বিৰুদ্ধে ভাল প্ৰদর্শন কৰাৰ পাছতে টেক্টৰৰ আইচিচিৰ স্থান উন্নীত হয় ৷এদিনীয়া ক্ৰিকেট ৰেংকিঙত সাত নম্বৰ স্থানত আছে আইৰিছ বেটছমেনগৰাকী। অষ্টম স্থানলৈ অৱনমিত হৈছে বিৰাট। শীৰ্ষ দহৰ ভিতৰত আছে ৰোহিত শৰ্মা।
বাংলাদেশৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰে টেক্টৰ। তেওঁ সংগ্ৰহ কৰা ৰাণৰ পৰিমাণ ২০৬ ৰান। চেলমছফৰ্ডত অনুষ্ঠিত দ্বিতীয়খন মেচত তেওঁ শতক অৰ্জন কৰে। বিৰাটৰ বাহিৰেও দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককৰ স্থান ২৩ বছৰীয়া টেক্টৰ সাত নম্বৰলৈ উন্নীত হোৱাৰ লগে লগে অৱনমিত হয় । টেক্টৰে এতিয়ালৈকে তিনিখন টেষ্ট, ৩২খন এদিনীয়া আৰু ৫৭খন টি-২০ মেচ খেলিছে। এদিনীয়া ক্ৰিকেটত তেওঁ চাৰিটা শতক অৰ্জন কৰিছে।
ভাৰতৰ শুভমান গিল আইচিচিৰ ৰেংকিঙত পঞ্চম স্থানত আছে। ভাৰতীয়ৰ ভিতৰত তেওঁ সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী। বেটছমেনৰ তালিকাত শীৰ্ষত আছে বাবৰ আজম। পাকিস্তানৰ অধিনায়কগৰাকীৰ পিছতে আছে ৰছি ভান ডেৰ ডুচেন। তিনি নম্বৰত আছে পাকিস্তানৰ ফখৰ জামান। চাৰি নম্বৰ সেই দেশৰ ইমাম উল হক। শীৰ্ষ দহৰ ভিতৰত আছে পাকিস্তানৰ তিনিজন বেটছমেন। ভাৰতৰো শীৰ্ষ দহৰ ভিতৰত তিনিজন ক্ৰিকেটাৰ আছে। শীৰ্ষ দহৰ ভিতৰত আছে কেৱল অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰ। তেওঁৰ স্থান ষষ্ঠ ৷
এদিনীয়া ৰেংকিঙত প্ৰথমবাৰৰ বাবে আইৰিছ বেটছমেনে ইমান উচ্চতাত উপনীত হৈছে। তেওঁৰ ৰেটিং পইণ্ট ৭২২। ইয়াক আৰু বৃদ্ধি কৰাৰ সুযোগ তেওঁৰ আছে। আয়াৰলেণ্ডে জুলাই মাহত জিম্বাবুৱেত বিশ্বকাপৰ কোৱালিফায়াৰ খেল খেলিব। দেশৰ অধিনায়ক এণ্ডি বালবিৰ্নীয়ে কয়, ‘এজন সফল বেটছমেন হ’বলৈ প্ৰয়োজনীয় সকলো উপাদান আছে টেক্টৰৰ। তেওঁ আয়াৰলেণ্ডৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ হ’ব পাৰে। আগন্তুক দিনত তেওঁ বহুত ভাল খেলিব বুলি আশা কৰিলোঁ। তেওঁ যিমানেই বেছি ৰান কৰে সিমানেই আমাৰ সুবিধা হ’ব৷”