ৱেষ্ট ইণ্ডিজে বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ড খেলিব লাগিব। দুবাৰৰ বিশ্বকাপ বিজয়ী কেৰিবিয়ানে ঘোষণা কৰিছে ১৫ জনীয়া দল। কিন্তু ২০১৬ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰা শ্বিমৰন হেটমায়াৰ সেই দলত স্থান লাভ কৰা নাই। এইবাৰ আই পি এলত ছন্দত থাকিলেও হেটমাইয়াৰে জাতীয় দলত স্থান নাপালে।
কিমো পল আৰু গুদাকেশ মতীক পুনৰ ৱেষ্ট ইণ্ডিজৰ দললৈ অনা হৈছে। চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত জিম্বাবুৱেত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ কোৱালিফায়াৰ। ছুপাৰ লীগত নৱম স্থানত আছে ৱেষ্ট ইণ্ডিজ । কোৱালিফাইং ৰাউণ্ডত ছটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰ পৰা দুটা দলে মূল প্ৰতিযোগিতাত খেলাৰ সুযোগ পাব। । অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ।
শ্বাই হোপক ৱেষ্ট ইণ্ডিজ দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।কিন্তু হেটমাইয়াৰৰক বাদ দিয়া কার্যত সকলোকে আচৰিত কৰি তুলিলে। যোৱা বছৰো তেওঁ টি-২০ বিশ্বকাপ দলত প্ৰথম স্থান লাভ কৰিছিল। কিন্তু প্ৰদর্শন আশা কৰা ধৰণে নাছিল ৷ গতিকে তেওঁক বাদ দিয়া হ’ল। এইবাৰ তেওঁ এদিনীয়া বিশ্বকাপৰ দলতো অন্তৰ্ভুক্ত নহ’ল।
বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ডত শ্ৰীলংকা, জিম্বাবুৱে, আয়াৰলেণ্ড, নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব ৱেষ্ট ইণ্ডিজে। তাৰ লগতে নেপাল, ওমান, স্কটলেণ্ড, আমেৰিকা আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে বিশ্বকাপত স্থান লাভৰ বাবে যুঁজ দিছে।
ৱেষ্ট ইণ্ডিজৰ বহু ক্ৰিকেটাৰে আই পি এলত খেলি আছে। তেওঁলোকৰ বাহিৰেও কেৰিবিয়ান দলটোৱে জিম্বাবুৱেত তিনিখন ৱাৰ্ম আপ মেচ খেলিব। সেই তিনিখন মেচ তেওঁলোকে আমিৰশ্বাহীৰ বিৰুদ্ধে খেলিব।
ৱেষ্ট ইণ্ডিজ: শ্বাই হোপ (অধিনায়ক), ৰাভান পাৱেল (উপ-অধিনায়ক), শ্বামাৰ ব্ৰুকছ, য়ানিক কাৰিয়া, কেছি কাৰ্টি, ৰষ্টন চেজ, জেছন হোল্ডাৰ, আকিল হুছেইন, আলজাৰী জোচেফ, ব্ৰেণ্ডন কিং, কাইল মেয়াৰ্ছ, গুদাকেশ মোটি, কিমো পল , নিকোলাছ পুৰাণ আৰু ৰোমাৰিয়া শ্বেফাৰ্ড।