ঘোষণা কৰা হৈছে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ সূচী ৷ ৩৯ দিন চলিব ফুটবল বিশ্বকাপ- ২০২৬। আমেৰিকাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ফিফাই বিশ্বকাপৰ কিমানখন খেল কোন খেলপথাৰত অনুষ্ঠিত হ’ব সেই বিষয়ে প্ৰকাশ কৰিছে।
অহা ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। মেক্সিকো চহৰত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ। ১৯ জুলাইত অনুষ্ঠিত হ’ব ফাইনেল। নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল। ২০২৬ চনত ৪৮খন দেশৰ বিশ্বকাপ হ’ব। অৰ্থাৎ প্ৰতিযোগিতাৰ সংখ্যা বৃদ্ধি পাব। যদিও বিশ্বকাপৰ আৰম্ভণি আৰু অন্তিম তাৰিখ ঘোষণা কৰা হৈছে, তথাপিও সম্পূৰ্ণ সূচী প্ৰকাশ কৰিবলৈ কিছু বিলম্ব হ’ব ৷
ফিফাৰ তথ্য অনুসৰি আমেৰিকা, মেক্সিকো আৰু কানাডাৰ ১৬খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ১০৪খন খেল। একাংশ ষ্টেডিয়ামত কিমানখন খেল অনুষ্ঠিত হ’ব সেই কথাও ৰাজহুৱা কৰা হৈছে ৷