বিৰাট কোহলীয়ে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ পদ ত্যাগ কৰাৰ পাছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰোহিত শৰ্মাক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে ৷ পেচাৰ জচপ্ৰীত বুমৰাহক উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ কিন্তু ভাৰতৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙৰ মতে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ পদত অধিষ্ঠিত কৰিব লাগে আন এজন ক্ৰিকেটাৰকহে ৷ তেওঁ অনুভৱ কৰে যে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে ঋষভ পণ্টক ভাৰতৰ পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া উচিত। সংবাদ মাধ্যমেৰে মত বিনিময় কৰি তেওঁ কয় যে পৰৱর্তী দায়িত্বৰ বাবে কাৰোবাক সাজু কৰিবই লাগিব। তেওঁ লগতে কয় “উইকেট কীপাৰসকল সদায়ে এজন ভাল চিন্তাবিদ ৷ কিয়নো তেওঁৰ সদায়ে খেলপথাৰৰ ওপৰত অধিক অভিজ্ঞতা থাকে ৷ আপুনি ভৱিষ্যতৰ অধিনায়ক হ’ব পৰা এজন যুৱক বাছনি কৰি তেওঁক সময় দিব লাগিব ৷প্ৰথম ছয় মাহ বা এবছৰত অলৌকিক প্ৰদর্শন আশা নকৰিব। মই অনুভৱ কৰোঁ যে ইয়াৰ বাবে আপুনি যুৱ খেলুৱৈসকলৰ ওপৰত বিশ্বাস কৰিব লাগিব।“
২০১১ চনৰ বিশ্বকাপ বিজয়ীগৰাকীয়ে পণ্টৰ পৰিপক্কতাক প্ৰশংসা কৰে ৷ তেওঁক “টেষ্ট দল নেতৃত্ব দিয়াৰ বাবে সঠিক ব্যক্তি” বুলি অভিহিত কৰে যুৱৰাজে ৷ তেওঁ কয় -“মই সেই বয়সত অপৰিপক্ক আছিলোঁ, বিৰাট সেই বয়সত অধিনায়ক হৈ থাকোতে অপৰিপক্ক আছিল। কিন্তু পণ্ট সময়ৰ সৈতে পৰিপক্ক হৈ উঠিছে ৷ মই নাজানো সতীর্থসকলে এই বিষয়ে কেনেদৰে চিন্তা কৰে, কিন্তু মই ভাবো তেওঁ টেষ্ট দলৰ নেতৃত্ব দিয়াৰ বাবে সঠিক ব্যক্তি ৷”২০১৮ চনত টেষ্ট অভিষেকৰ পিছত পণ্টে ৩০খন টেষ্টত অংশগ্ৰহণ কৰিছে ৷ সৰ্বাধিক ১৫৯ ৰাণৰ সৈতে তেওঁ সংগ্ৰহ কৰিছে ১৯২০ ৰাণ ৷