VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 1, 2022
in মুখ্য সংবাদ
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

অসমীয়া নাট্যজগতৰ পুৰোধা নটসূৰ্য ফণী শৰ্মাৰ ৰবিবাৰে ৫২ সংখ্যক স্মৃতি দিৱসত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত মহীৰূহগৰাকীৰ অমূল্য অৱদান সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানটোত বিশ্ববিদ্যালয় চৌহদৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সন্মুখত থকা ফণী শৰ্মাৰ আবক্ষ মূৰ্তিত পুৱাই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি বিভাগৰ সমূহ অধ্যাপক,কৰ্মচাৰী তথা শিক্ষাৰ্থীয়ে প্ৰথিতযশা শিল্পীজনে অসমৰ সামাজিক-সাংস্কৃতিক জীৱনলৈ আগবঢ়াই যোৱা চিৰসেউজ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰে ।

উল্লেখ্য যে তেজপুৰৰ ঐতিহাসিক বাণ ৰঙ্গমঞ্চৰ দ্বাৰ-ৰক্ষী হিচাপে নাট্যশালাৰ জীৱন আৰম্ভ কৰা ফণী শৰ্মাই অসমীয়া চলচিত্ৰ আৰু নাট্যজগতলৈ অশেষ অৱদান আগবঢ়াই পৰৱৰ্তী প্ৰজন্মলৈ পথ প্ৰদৰ্শন কৰি থৈ গৈছে । ফণী শৰ্মাই ১৯২৮ চনত ”ৰাণা প্ৰতাপ” নাটকত ”আকবৰ”ৰ চৰিত্ৰত প্ৰথমবাৰৰ বাবে অভিনয়ৰ সুযোগ লাভ কৰে। অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক ১৯৫০ চনত জ্যোতি প্ৰসাদ আগৰৱালাৰ সভাপতিত্বত বহা এক সাংস্কৃতিক সন্মিলনত ”নটসূৰ্য” উপাধিৰে বিভূষিত কৰা হয়। অসমৰ নাটজগতত এক বিপ্লৱৰ সৃষ্টি কৰা ফণী শৰ্মা ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত আছিল ৷ তেখেতে বহুকেইখন যুগজয়ী নাটকত অভিনয় কৰাৰ লগতে কেইবাখনো নাটক পৰিচালনাও কৰিছিল ।

১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ”জয়মতী”ত গাঁঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰা নটসূৰ্য ফণী শৰ্মাই ১৯৪৮ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে ”চিৰাজ’’ নিৰ্মাণৰ পিছত ১৯৫৫ চনত ‘’পিয়ঁলি ফুকন’’ত অভিনয় আৰু পৰিচালনাৰে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত অনবদ্য বৰঙণি আগবঢ়ায় । তদুপৰি, তেখেতৰ সৃষ্টিৰাজিত অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, অসমীয়া জাতি আৰু সংস্কৃতিৰ পৰিচয় প্ৰতিফলিত হৈছিল আৰু সেইবাবেই অসমৰ নাট্য জগতত তেখেতৰ সৃষ্টিৰাজি চিৰদিন যুগমীয়া হৈ থাকিব ।

Previous Post

তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7