পশ্চিমবংগত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় ১০ জন লোকে ৷ এই ঘটনা সংঘটিত হৈছে কোচবিহাৰত ৷ দেওবাৰে নিশা জলপেশলৈ গৈ থকা অৱস্থাত এখন পিকআপ ভ্যান বিদ্যুৎস্পৃষ্ট হোৱাত ১০ জন যাত্ৰীৰ মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে যাত্ৰী সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাটোত সামান্য আঘাত পোৱাৰ বাবে ভ্যানখনত থকা ২৭ জনৰ ভিতৰত ১৬ জন লোকক চিকিৎসাৰ বাবে জলপাইগুৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ মতে, ভেনখনত ডিজে চিষ্টেমৰ বাবে লগোৱা জেনেৰেটৰৰ তাঁৰ বাবেই এই ঘটনা সংঘটিত হ’ব পাৰে।
মতাভঙাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত বৰ্মাই কয়-“আজি নিশা প্ৰায় ১২ বজাত মেখলীগঞ্জ পি এছৰ অন্তৰ্গত ধৰ্লা দলঙত এটা ঘটনা সংঘটিত হয় ৷ য’ত জলপেশলৈ গৈ থকা যাত্ৰী কঢ়িয়াই অনা এখন পিক আপ ভ্যানত বিদ্যুৎস্পৃষ্ট হয়। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে গাড়ীৰ পিছফালে লগোৱা জেনেৰেটৰৰ (ডি জে চিষ্টেম) তাঁৰৰ বাবেই দুর্ঘটনাতো সংঘটিত হৈছে ৷ “তেওঁ জনোৱা মতে, আটাইকেইজন যাত্ৰী সীতালকুছি এলেকাৰ ৷ বাহনখন আৰক্ষীয়ে জব্দ কৰিছে যদিও চালকজনে পলায়ন কৰে । ঘটনাস্থলীত জ্যেষ্ঠ বিষয়া উপস্থিত হৈছে ৷ বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে ৷