অসমত ২ কোটি ভেকচিন প্ৰদান কৰা হ’ল বুলি কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগে ঘোষণা কৰে। স্বাস্থ্য বিভাগৰ সমূহ কৰ্মচাৰীক তেওঁলোকৰ পূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰা তথ্য অনুসৰি ৭৬,০৬,৩৩৭ সংখ্যক লোকে ইতিমধ্যে দুই পালি কভিদ ভেকচিন গ্ৰহণ কৰিছে। আনহাতে ২ কোটি ৩ হাজাৰ লোকে প্ৰথম পালি কভিদ ভেকচিন গ্ৰহণ কৰিছে।
ৰাজ্য চৰকাৰে ইতিমধ্যে ১০০% ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰাখি আগবাঢ়ি গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কভিদৰ তৃতীয় ঢৌৰ আগমণৰ আগতেই কভিদ ভেকচিনসমূহ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।
পূজাৰ পিছৰে পৰা অসমত কভিদত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। কালিৰ দিনটোত ২৪৪ জন লোক আক্ৰান্ত হৈছে। বহু দিনৰ মূৰত আক্ৰান্তৰ সংখ্যা ৩০০ জনৰ তললৈ যোৱা পৰিলক্ষিত হৈছে।
অৱশ্যে কালিৰ দিনটোত কভিদ টেষ্টৰ সংখ্যা পূৰ্বতকৈ কম। ৩৭,৮৩৬ টা পৰীক্ষা সম্পন্ন হৈছিল। কালিৰ দিনটোত আক্ৰান্তৰ হাৰ ০.৬৪%। আনহাতে কভিদত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জন।