দেওবাৰে নাগালেণ্ডৰ ডিমাপুৰত প্ৰায় ১ কিলোগ্ৰাম হেৰোইন জব্দ কৰাৰ লগতে অসমৰ কাৰ্বি আংলং জিলাত প্ৰায় ৮ কোটি টকা মূল্যৰ হেৰোইনসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
অভিযুক্ত সকলক আৰক্ষীয়ে চলোমন থুৱেৰ আৰু চাইমন থুৱেৰ বুলি চিনাক্ত কৰিছে। দুয়ো নাগালেণ্ডৰ বাসিন্দা। ডিমাপুৰৰ পৰা কাৰ্বি আংলঙলৈ এখন ব্যক্তিগত বাহনত যাত্ৰা কৰি থকাৰ সময়তে চাৰিআলি অঞ্চলত আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ (চিআৰপিএফ) এটা যুটীয়া দলে তেওঁলোকক কৰায়ত্ত কৰে।
বোকাজানৰ উপ-বিভাগীয় আৰক্ষী বিষয়া জন দাসে উক্ত বিষয় সন্দৰ্ভত কয় যে নিৰ্দিষ্ট তথ্যৰ ভিত্তিতহে তেওঁলোকে বাহনখন জব্দ কৰে ৷ আনহাতে তালাচী চলোৱাৰ পিছত তেওঁলোকে বাহনখনৰ পৰা হেৰোইনভৰ্তি ৭৫ টা চাবোনকেছ উদ্ধাৰ কৰে ৷