মক্কালৈ প্ৰতি বছৰে হজৰ বাবে বৃহৎসংখ্যক ইছলাম ধর্মাৱলম্বী লোকৰ আগমন ঘটে ৷ অধিকাংশ লোকেই বিমান, জাহাজ অথবা গাড়ীৰে হজৰ বাবে মক্কালৈ আহে ৷ কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছে কেৰেলাৰ এজন যুৱকে ৷ বিমান অথবা জাহাজ অথবা গাড়ীৰে নহয়, মক্কালৈ হজৰ বাবে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে কেৰেলাৰ ২৯ বছৰীয়া যুৱক ছিহাব ছট্টুৰে ৷ এই যাত্ৰাৰ সময়ত তেওঁ ৮৬৪০ কিলোমিটাৰ খোজকাঢ়ি অতিক্ৰম কৰিব ৷
এখন চুপাৰ মাৰ্কেট পৰিচালনা কৰা ছিহাবে ২ জুনত কেৰেলাৰ মালাপপুৰম জিলাৰ কোট্টাকলৰ ওচৰৰ আথাৱানদৰ পৰা যাত্ৰা আৰম্ভ কৰে।প্ৰতিদিনে তেওঁ কমেও ২৫ কিলোমিটাৰ খোজ কাঢ়ি অতিক্ৰম কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ ভাৰত, পাকিস্তান, ইৰাণ, ইৰাক আৰু কুৱেইট অতিক্ৰম কৰি ২০২৩ চনত হাজৰ বাবে মক্কাত তেওঁ উপস্থিত হ’ব ৷ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে কোনোবা এটা সময়ত চৌদি আৰৱত যুৱকজন উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ তেওঁ চৌদি আৰৱত উপস্থিত হোৱাৰ পিছতে হজ যাত্ৰাৰ বাবে আবেদন কৰিব ৷ ২৮০ দিনত সমগ্ৰ দূৰত্ব অতিক্ৰম কৰাৰ পৰিকল্পনা কৰিছে ছিহাবে ।
উল্লেখ্য যে ছিহাবে প্ৰাচীন কালত কেৰেলাৰ পৰা পবিত্ৰ ভূমি মক্কালৈকে খোজকাঢ়ি যোৱা লোকসকলৰ কাহিনী শুনি ডাঙৰ হৈছিল ৷ যাৰ পৰা মক্কালৈকে খোজ কাঢ়ি যোৱাটো তেওঁৰ জীৱনৰ সপোন হৈ পৰিছিল ৷ তেওঁৰ মাতৃয়ে এইক্ষেত্ৰত সমৰ্থন আৰু উৎসাহ যোগাই আহিছিল ৷তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলেও সমর্থন কৰিছিল ৷ এই যাত্ৰাৰ সময়ত ছিহাবক বহুলোকে আদৰণি জনোৱা পৰিলক্ষিত হৈছে ৷