বহুতে অফিচত ধূমপানৰ বাবে বিৰতি লয়। কিন্তু তাৰ বাবে জৰিমনা আদায় দিবলগীয়া হোৱা কথা জনা নাযায় ৷ কিন্তু ধূমপান কৰিবলৈ লোৱা বিৰতিৰ বাবে জাপানৰ চৰকাৰী বিষয়া এজনে আদায় দিবলগীয়া হ’ল বৃহৎ পৰিমাণৰ জৰিমনা ৷ ১৪ বছৰত তেওঁ কাৰ্যালয়ত ধূমপান কৰিবলৈ ৪৫১২ বাৰ বিৰতি লৈছিল। এই ‘অপৰাধ’ৰ বাবে বিষয়াগৰাকীক তেওঁৰ উৰ্ধতন কৰ্তৃপক্ষই ৯ লাখতকৈ অধিক টকাৰ জৰিমনা বিহা হৈছে ৷
ছিংগাপুৰৰ ‘দ্য ষ্ট্ৰেইটছ টাইমছ’ নামৰ এখন বাতৰি কাকতে প্ৰকাশ কৰা অনুসৰি ওছাকাৰ ৬১ বছৰীয়া বিষয়াগৰাকীকে ধৰি ৩জন লোকক একেটা ‘অপৰাধ’ৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। কিন্তু সংবাদ মাধ্যমে মহানগৰীৰ বিত্ত বিভাগৰ সঞ্চালক পদৰ বিষয়াগৰাকীৰ পৰিচয় প্ৰকাশ নকৰিলে। অৱশ্যে জৰিমনাকে ধৰি আন কেইবাটাও শাস্তি তেওঁৰ বিৰুদ্ধে ঘোষণা কৰা হৈছে ৷ বাৰে বাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কাৰ্যালয়ত বহি ধূমপান কৰাৰ শাস্তি হিচাপে অহা ৬ মাহৰ বাবে সেই ৩ জন লোকৰ দৰমহাৰ ১০ শতাংশ কৰ্তন কৰা হ’ব।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দুবছৰমান পূৰ্বে ওছাকা বিত্ত বিভাগৰ জ্যেষ্ঠ কৰ্তৃপক্ষই গম পাইছিল যে ৩ জন লোকে ধূমপানৰ বাবে কাৰ্যালয়ত ধঁপাতজাতীয় সামগ্ৰী লুকুৱাই ৰাখিছিল। সেই সময়ত অফিচত ধূমপান নিষিদ্ধ আছিল যদিও তেওঁলোকে গুৰুত্ব নিদিলে। কিন্তু ২০০৮ চনত ওছাকা কৰ্তৃপক্ষই চহৰখনৰ ধূমপায়ীসকলক নিৰুৎসাহিত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। চৰকাৰী কাৰ্যালয় চৌহদত আৰু ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ কৰা হয় । আনহাতে, ২০১৯ চনত চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ৰ কামৰ সময়ত ধূমপান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।