সোমবাৰে মণিপুৰৰ অগ্নিগর্ভ পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কিন্তু তেওঁৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্ত পুনৰ উত্তপ্ত হৈ পৰে। দেওবাৰে মণিপুৰত সংঘটিত সংঘৰ্ষৰ ফলত ৫জন লোকে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ ভিতৰত এজন আৰক্ষীও আছে। আহত লোকৰ সংখ্যা কমেও ১২ জন।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে কয় যে ইম্ফল উপত্যকাৰ আশে-পাশে দুদিন আগৰে পৰা পৰিস্থিতি অস্বাভাৱিক হৈ পৰিছে। উগ্ৰপন্থীয়ে সাধাৰণ মানুহক আক্ৰমণ কৰিছে। তেওঁ প্ৰকাশ কৰা অনুসৰি মণিপুৰত এই সংঘাতৰ জৰিয়তে পৰিকল্পিতভাৱে হিংসা বিয়পোৱাৰ প্ৰয়াস কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ চোৰাংচোৱাগিৰিৰো ব্যৱস্থা কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সেনা আৰু অন্যান্য প্ৰতিৰক্ষা বাহিনীয়ে সকলো সময়তে পহৰা দি আছে । উগ্ৰপন্থীয়ে এক৪৭ আৰু এম১৬ ৰ দৰে ৰাইফল ব্যৱহাৰ কৰি স্থানীয় বাসিন্দাক আক্ৰমণ কৰিছে। লগতে বহু গাঁৱৰ ঘৰ জ্বলাই দিছে।
দেওবাৰে মুখ্যমন্ত্রীয়ে কয়, ‘আমি উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। ইতিমধ্যে ৪০ জন উগ্ৰপন্থীক গুলীয়াই হত্যা কৰা হৈছে বুলি আমি তথ্য লাভ কৰিছো।” পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ শনিবাৰে মণিপুৰ ভ্ৰমণ কৰে সেনা প্ৰধান মনোজ পাণ্ডেই। মণিপুৰত অমিত শ্বাহে ভৰি দিয়াৰ পূর্বে পৰিস্থিতি অগ্নিগর্ভ হৈ পৰাৰ ফলত অস্বস্তিত পৰিছে প্ৰশাসন ৷
বিগত কিছুদিন ধৰি কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষ চলি আছে। সেইবাবেই মণিপুৰ উত্তপ্ত হৈ পৰিছে । প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছে । বিগত ২৫ দিন ধৰি নাই ইণ্টাৰনেট সেৱা। বহু লোক গৃহহীন হৈ পৰিছে । অৱশ্যে দেওবাৰে পুৱা সংঘৰ্ষ এই দুই জনগোষ্ঠীৰ মাজত হোৱা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে কুকি উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হৈছে।
ৰাজ্যৰ ২৫টা কুকি উগ্ৰপন্থী সংগঠনে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছে। সেই চুক্তি অনুসৰি তেওঁলোক এটা নিৰ্দিষ্ট শিবিৰত থকাৰ কথা। অস্ত্ৰ পৰিত্যাগ কৰিব লাগে । এই পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে কোনে কিয় আক্ৰমণ অব্যাহত ৰাখিছে ৰাজ্যখনত !