ইংলেণ্ডৰ নৰ্ফকৰ গ্ৰেট ইয়াৰমাউথত দ্বিতীয় বিশ্বযুদ্ধৰ এটা বোমা নিষ্ক্ৰিয় কৰাৰ সময়ত বিস্ফোৰণ ঘটে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মাজে মাজে দ্বিতীয় বিশ্বযুদ্ধৰ বিস্ফোৰণ নোহোৱা বোমা উদ্ধাৰ কৰা হয়। ব্ৰিটেইনতো এনে বহু বোমা পোৱা গৈছে। বিভিন্ন অঞ্চলৰ পৰা এই বোমাসমূহ উদ্ধাৰ কৰা হৈছে। এইবাৰো উদ্ধাৰ কৰা হৈছে অনুৰূপ বোমা।
নৰ্ফক আৰক্ষীৰ মতে, বোমাটো নিষ্ক্ৰিয় কৰাৰ পূৰ্বেই আশে-পাশে থকা অঞ্চলটো খালী কৰা হৈছিল। পথটোও বন্ধ কৰি দিয়া হৈছিল। মেট্ৰ’ নিউজৰ খবৰ অনুসৰি মঙলবাৰে পুৱাৰে পৰা চলি আছিল বোমা নিষ্কাশন অভিযান। ইয়াক নিষ্ক্ৰিয় কৰিবলৈ বিশেষ ৰবট অনা হৈছিল। কাম আৰম্ভ কৰাৰ লগে লগে সেই বোমাটোত হঠাৎ প্ৰচণ্ড বিস্ফোৰণ ঘটিল। অৱশ্যে নৰ্ফক আৰক্ষীয়ে দাবী কৰিছে যে এই ঘটনাত কোনো লোক আহত হোৱা নাই।
আৰক্ষীৰ সূত্ৰৰ মতে, ইয়াৰ পূৰ্বেও আৱাসিক এলেকাত এনে বোমা পোৱা গৈছে। তেনে বোমা নিস্ক্ৰিয় কৰাত কোনো সমস্যা হোৱা নাছিল। তৎসত্বেও আগতীয়াকৈ অঞ্চলটো খালী কৰা হয়। ইয়াৰমাউথত পোৱা বোমাটো নিষ্ক্ৰিয় কৰাৰ আগতেও একেই কাম কৰা হৈছিল। ফলত বৃহৎ বিপদৰ পৰা হাত সাৰিছিল অঞ্চলটোৰ লোকসকলে ৷ বোমা স্কোয়াডৰ এজন বিষয়াই কয় যে সকলো পৰিকল্পনা অনুসৰি কৰা হৈছে। কিন্তু শেষ মুহূৰ্তত ৰবটটোৰ কোনো কাৰিকৰী দোষ আছিল নেকি সেই বিষয়ে তদন্ত চলি আছে।