বিজেপিৰ পূৰ্বাঞ্চল বাসীক লৈ কৰা লেতেৰা ৰাজনীতি পোহৰলৈ আহিছে বুলি জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে গুণ্ডাবাহিনী আৰু পুলিচ প্ৰশাসনৰ দ্বাৰা দিল্লীৰ কোনো ঠাইতেই ছঠ পূজাৰ ঘাট বনাবলৈ নিদিয়াক লৈ দুখ প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ সদস্য তথা বিষয় ববীয়া সকলে ৷ লগতে ভাজপাই হাজাৰ চেষ্টা কৰিলেও তেওঁলোকে দিল্লীত ছঠ পূজাৰ ঘাট তৈয়াৰ কৰিহে এৰিব বুলি টুইটাৰ যোগে জানিবলৈ দিছে৷