অলপতে সাহিত্য জগতৰ নতুন নাম নন্দন পাচনীৰ প্ৰথমখন উপন্যাস “জিপি” প্ৰকাশ পাইছে। কৈশোৰ কালৰ সময়বোৰ আমি প্ৰতিজন ব্যক্তিয়ে বুকুত কঢ়িয়াই ফুৰোঁ। নিজানত চকুৰ সন্মুখত সেই মধুৰ স্মৃতিবোৰে দোলা দি যায়হি। পাচনীদেৱৰ উপন্যাসখনত শৈশৱৰ এখন সুন্দৰ ছবি অংকন কৰা হৈছে।
“জিপি” উপন্যাসখনত লেখকে লিখিছে-
“সময়ৰ বালিঘৰ সজা আমিবোৰ মানুহ।
স্কুলৰ যে সেই দিনবোৰ
মোৰ ৰেঞ্জাৰ চাইকেলখন,
তোমাৰ লেডীবাৰ্ডখন,
ভূঞা ছাৰৰ টিউচন ক্লাছ, বেঞ্চ একেখনেই,
কিন্তু মাজত তোমাৰ কিতাপৰ বেগটো।
ক্লাছ শেষ কৰি ঘূৰি আহোঁতে শৰ্মা বুক ষ্টলৰ সন্মুখত আড্ডা।
লগৰ কেইটামানৰ উৎপাত, হাঁহি খিকিন্দালি
কেতিয়াবা আকৌ তোমাক মোৰ লগত জোৰা দিলে খং অভিমানেৰে ভৰা পোন্দোৱা হাঁহিটো,
তাৰ পাছতে গোটেই মখাৰ হাঁহিবোৰ
সেই নিঃস্বাৰ্থ নিভাঁজ হাঁহিবোৰত আজি বৰকৈ মনত পৰিছে…..”
নৱম শ্ৰেণীত অধ্যয়নৰত জুমন আৰু জিপি উপন্যাসখনৰ নায়ক নায়িকা। শৰ্মা ছাৰৰ টিউচন ক্লাছৰ মাজেৰে আৰম্ভ হোৱা উপন্যাসখনত টিউচন ক্লাছ লগৰীয়াৰ সৈতে কৰা ধেমালি, স্কুলীয়া জীৱনৰ সৰু বৰ ঘটনাৱলীৰ লগতে বিপৰীত লিংগৰ প্ৰতি জন্ম হোৱা প্ৰথম আকৰ্ষণ ফুটি উঠিছে। জুমনৰ মনত জিপিৰ প্ৰতি গঢ় ল’বলৈ ধৰা সহজাত আকৰ্ষণ উপন্যাসখনিত সুন্দৰকৈ ফুটি উঠিছে।
স্কুলীয়া জীৱন এৰি কলেজত ভৰি থোৱাৰ আনন্দৰ লগতে স্কুলীয়া জীৱন, লগৰীয়াৰ সৈতে বিচ্ছেদৰ সন্ধিক্ষণৰ যি অনুভৱ সেয়া উপন্যাসখনিত প্ৰকাশ পাইছে।
উপন্যাসখন মূল্যায়নৰ ক্ষেত্ৰত কিছু সৰু সৰু বিসংগতি দেখা যায়। সমাপ্তিৰ ক্ষেত্ৰত উপন্যাসৰ বৈশিষ্ট্যৰ ঠাইত চুটি গল্পৰ বৈশিষ্ট্য ফুটি উঠা যেন অনুভৱ হয়।
কিন্তু “জিপি” উপন্যাসখন সাৱলীল ভাষা, সহজ কথনভংগীত ৰচিত এখন মনোৰম উপন্যাস। কাহিনীৰ মাজলৈ সোমাই যাব পৰা এক আকৰ্ষণ আছে। একেবহাতে শেষ কৰিব পৰা কাহিনী। পাঠক হিচাপে আমি এই কথা স্বীকাৰ কৰিবই লাগিব। ইয়াৰ উপৰিও উপন্যাসখনিৰ জৰিয়তে পুনৰ এবাৰ নিজৰ কিশোৰকালত ভুমুকি মৰাৰ সুযোগ আমাক দিয়াৰ বাবে লেখক ধন্যবাদৰ পাত্ৰ।