হোলীৰ বতৰ। চাৰিওফালে ৰঙৰ উৎসৱত আনন্দত মতলীয়া হৈ পৰিছিল । কিন্তু ঘনিষ্ঠ মানুহৰ লগত হোলী উদযাপন কৰিব পৰা নাছিল বিমানৰ চালকসকলে । গতিকে সমুদ্ৰপৃষ্ঠৰ পৰা হাজাৰ হাজাৰ ফুট উচ্চতাত থাকিলেও হোলী উদযাপনত কোনো বাধা নাই। হোলীৰ দিনা অর্থাৎ ৮ মাৰ্চ বুধবাৰে নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ উৰা মাৰিছিল স্পাইচজেটৰ এখন বিমান। বিমানৰ ককপিটত বহি গুজিয়া খাই পাইলট দুজনে হোলী উৎসৱ উপভোগ কৰি আছিল। পানীয়ৰ ব্যৱস্থাও কৰা হৈছিল। ঘটনাটো বিমান সংস্থাটোৰ বিষয়াসকলৰ দৃষ্টিগোচৰ হোৱাত তেওঁলোকে পাইলট দুজনক কর্তব্যৰ পৰা সাময়িকভাৱে নিলম্বন কৰিছে ৷
এই প্ৰসংগত স্পাইচজেট বিমান সংস্থাৰ মুখপাত্ৰই কয় ,” ককপিটৰ ভিতৰত বহি খোৱাৰ কোনো নিয়ম নাই। পাইলটৰ পৰা আৰম্ভ কৰি সকলো ক্ৰু সদস্যই এই নিয়ম মানি চলিব লাগিব।” সংস্থাটোৰ শীৰ্ষ বিষয়াসকলে আশংকা প্ৰকাশ কৰে যে পাইলট দুজনে এই নিয়ম উলংঘা কৰিলে বিমানখন বিপদত পৰিব পাৰে।
বিষয়াসকলে জনাইছে যে পাইলটসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। স্পাইচজেট কোম্পানীয়েও তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।