কালি সন্ধিয়া ৭ বাজি ৫০ মিনিটত অগ্নি.৫ ক্ষেপণাস্ত্ৰৰ উৰিষ্যাস্থিত এ পি জে আব্দুল কালাম দ্বীপত সফলভাৱে পৰীক্ষণ সম্পন্ন হয়। ৫০ হাজাৰ কেজিৰ ওজনৰ এই বেলাষ্টিক মিছাইলে ৫০০০ ৰ পৰা ৭০০০ কিলোমিটাৰলৈকে দূৰত্বৰ লক্ষ্য সাধিব পাৰিব।
১৯৮৯ চনত এ পি জে আব্দুল কালামৰ তত্ত্বাৱধানত অগ্নি ক্ষেপণাস্ত্ৰ নিৰ্মাণ হৈছিল। ২০১৯ চনৰ নৱেম্বৰ মাহৰ পৰাহে অগ্নি ছিৰিজৰ মিছাইলসমূহ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ অন্তৰ্ভুক্ত হয়।
অগ্নি.৫ মিছাইল সফলতাৰে পৰীক্ষণৰ সময়ত ভাৰত চৰকাৰে ” ন’ ফাৰ্ষ্ট ইউজ” স্থিতি অৱলম্বন কৰিছে। অৰ্থাৎ সন্মুখৰ পৰা আগতে আক্ৰমণ নকৰিলে ভাৰতে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে। কিন্তু আক্ৰমণ কৰিলে ব্যৱহাৰ কৰিব বুলি উল্লেখ কৰিছে।
১৯৯৮ চনত পোখৰানত পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন হোৱাৰ পিছতেই ভাৰতে প্ৰথমবাৰৰ বাবে ” ন’ ফাৰ্ষ্ট ইউজ” স্থিতি গ্ৰহণ কৰিছিল।