কামৰূপ মহানগৰত ক্ৰমাৎ ভয়াবহ হৈ উঠিছে কভিদ পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ অফিচ আৰু মহানগৰীৰ চৰকাৰী খণ্ডৰ দুখন স্কুল ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।
কালিৰ দিনটোত কামৰূপ মহানগৰ জিলাত কভিদ আক্ৰান্তৰ সংখ্যা আছিল ১১২ জন। আনহাতে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা আছিল ৩২২ জন। মৃত্যুৰ সংখ্যা এতিয়াও নাইকিয়া হৈ যোৱা নাই। কালিৰ দিনটোতে কভিদত ৩ জন লোকৰ মৃত্যু হৈছে।
বিশ্বৰ বিভিন্ন প্ৰান্তত কভিদৰ তৃতীয় ঢৌৱে আক্ৰমণ কৰাৰ সময়তে ভাৰতত দ্ৰুত গতিত কভিদ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। শেহতীয়াকৈ অসম চৰকাৰে মেগা ভেকচিন অভিযান আৰম্ভ কৰিছে। অহা ১৫ নৱেম্বৰৰ পৰা ৭ দিনীয়া মেগা ভেকচিন অভিযানত গাঁৱে গাঁৱে গৈ ভেকচিন প্ৰদান কৰিব। ২ কোটি ১০ লাখ লোকক এই অভিযানে সামৰি ল’ব।