চাৰি সপ্তাহৰ পাছত কাৰাগাৰৰ পৰা আজি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হল ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলিউডৰ কিং শ্বাহৰুখ খানৰ পুত্ৰ অৰিয়ান খান। আজি দিনৰ 11.30 বজাত আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰি দিয়া হয়।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জেলৰ পৰা ওলাই আহি এখন বগা বিলাসী গাড়ীত উঠি 23 বছৰীয়া অৰিয়ান ঘৰ অভিমুখে ৰাওনা হয়। অৱশ্যে কাৰাগৰৰ পৰা মুকলি কৰি নিয়াৰ সময়ত অৰিয়ানৰ পিতৃ- মাতৃক দেখা পোৱা নগল। বৰঞ্চ শ্বাহৰুখৰ ঘনিষ্ঠ সুৰক্ষা কৰ্মীয়েহে কাৰাগৰৰ পৰা অৰিয়ানক মুকলি কৰি লৈ যায়। যোৱা বৃহস্পতিবাৰে বোম্বে উচ্চ ন্যায়ালয়ে অৰিয়ানৰ জামিন মঞ্জুৰ কৰিছিল । কিন্তু কালি সন্ধিয়া 5.30 বজা পর্যন্ত প্ৰয়োজনীয় নথি পত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে তেওঁ অতিৰিক্ত দুনিশা কাৰাগাৰত কটাবলগীয়া হয়। আজি পুৱা অভিনেত্ৰী জুহি চাওলাই মুম্বাই ছেছন আদালতত 1 লাখ টকাৰ বেইল বণ্ডত স্বাক্ষৰ কৰা পিছতে যাৱতীয় নথিপত্ৰ দাখিল কৰা হয়।
ইয়াৰ পিছতে অৰিয়ানক জেলৰ পৰা মুকলি কৰি দিয়া হয়। জামিন মঞ্জুৰ কৰিলেও কেতবোৰ বিশেষ চৰ্ত বান্ধি দিছে বোম্বে উচ্চ ন্যায়ালয়ে। সেই অনুসৰি মুম্বাই আৰক্ষীৰ অনুমতি অবিহনে মুম্বাই এৰিব নোৱাৰিব অৰিয়ানে। প্ৰতি শুকুৰবাৰে এন চি বিৰ ওচৰত হাজিৰ হব লাগিব আৰিয়ান। যোৱা 2 অক্টোবৰৰ নিশা এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰিয়ান আৰু তেওঁৰ সঙ্গীক।