শক্তিশালী ভূমিকম্পই কপাঁই তোলে দক্ষিণ তুৰস্ক আৰু ছিৰিয়া ৷ সোমবাৰে পুৱাই কম্পন অনুভৱ হয়। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দক্ষিণ তুৰস্ক। গাজিয়ানেপ প্ৰদেশৰ পূব অংশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে ১৮ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্োৰ উৎপত্তি হয় । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। কিছু মুহূৰ্তৰ পিছত মধ্য তুৰস্কত আন এক কঁপনি অনুভৱ কৰা হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছৰ বিভিন্ন ঠাইত এই ভূমিকম্প অনুভৱ কৰা হৈছে।
১৯৯৯ চনৰ পৰা তুৰস্কত এনে ভয়ানক ভূমিকম্প দেখা পোৱা নাই। দুৰ্যোগৰ মুহূৰ্তৰ কেইবাটাও ভিডিঅ’ ফেচবুক, টুইটাৰতো বিয়পি পৰিছে। ভিডিঅ’টোত প্ৰবল কঁপনিৰ ফলত ঘৰ ভাঙি পৰা দেখা গৈছে। স্থানীয় লোকেও নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দৌৰি থকা দেখা গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
স্থানীয় সংবাদ মাধ্যমৰ মতে, এই পৰ্যন্ত উদ্ধাৰ হৈছে ৯০টা মৃতদেহ। ভূমিকম্পৰ ফলত ১৪০টা ঘৰ ভাঙি পৰে। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। এই পৰ্যন্ত ৪২০ জন লোক গুৰুতৰভাৱে আহত হৈছে।
গাজিয়ানেপ প্ৰদেশৰ গৱৰ্ণৰ দাৱুত গুলে টুইটাৰযোগে লিখিছে, “আমাৰ চহৰত প্ৰবল ভূমিকম্প অনুভৱ কৰা হৈছে। আপুনি শান্ত হৈ থাকক। ঘৰৰ বাহিৰত ৰৈ থাকক। এনে অৱস্থাত গাড়ী চলাব নালাগে। অনুগ্ৰহ কৰি ৰাস্তাত ভিৰ নকৰিব।”