দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বুকাৰ বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক অৰুন্ধতী ৰয়ে ৷ বর্তমান দেশৰ অৱস্থাক বিপৰীত দিশত চলা বিমানৰ সৈতে তুলনা কৰি তেওঁ কয় যে ই “দুৰ্ঘটনাৰ দিশে আগবাঢ়িছে।“
বুধবাৰে কাৰাগাৰত বন্দী মানৱ অধিকাৰ কৰ্মী জি এন চাইবাবাৰ নির্বাচিত কবিতা আৰু পত্ৰৰ সংকলন “হোৱাই ডু ইউ ফিয়েৰ মাই ৱে চ’ মাচ্চ ?” নামৰ কিতাপখন উন্মোচন অনুষ্ঠানত ভাষণ দি ৰয়ে কয় যে সম্পদ আৰু ভূমিৰ পুনৰ বিতৰণৰ বাবে ১৯৬০ ৰ দশকত বিপ্লৱ আৰম্ভ হোৱাৰ পাছত দেশৰ নেতাসকলে এতিয়া “৫ কিলোগ্ৰাম চাউল আৰু ১ কিলোগ্ৰাম নিমখ” বিতৰণ কৰি ভোট ভিক্ষা কৰাৰ লগতে নিৰ্বাচনত জয় লাভ কৰিছে ৷ এই প্ৰসংগতে তেওঁ কয় “অলপতে, মই মোৰ এজন পাইলট বন্ধুক সুধিছিলো যে আপুনি এখন বিমান পিছলৈ উৰাব পাৰিবনে? তেওঁ মোৰ কথাত হাঁহিছিল ৷ মই কৈছিলো দেশত ঠিক এইটোৱেই হৈ আছে ৷ দেশৰ বর্তমানৰ নেতাসকলে বিমানখন ওলোটাকৈ উৰুৱাই আছে আৰু সকলো বোৰ সামগ্ৰী এফালৰ পৰা পৰি গৈছে ৷ আমি দুৰ্ঘটনাৰ দিশে আগবাঢ়িছো।”
৬২ বছৰীয়া লেখিকাগৰাকীয়ে ভাৰতক “অত্যাধুনিক ন্যায়শাস্ত্ৰ”ৰ দেশ বুলি বৰ্ণনা কৰি কয় যে “জাতি, শ্ৰেণী, লিংগ”ৰ ওপৰত নিৰ্ভৰ কৰি আইনসমূহ বেলেগ বেলেগ ধৰণে প্ৰয়োগ কৰা হয়। ৰয়ে কয় -“আমি আজি ইয়াত কিয় সমাবেত হৈছো ? আমি এজন অধ্যাপকৰ বিষয়ে কথা পাতিবলৈ মিলিত হৈছো, যিগৰাকী ৯০ শতাংশ পক্ষাঘাতগ্ৰস্ত আৰু সাত বছৰ ধৰি কাৰাগাৰত আছে। আমি সেইটোৱেই কৰি আছো। সেয়াই যথেষ্ট। আমি আৰু ক’ব নালাগে। আমি কেনে ধৰণৰ দেশত বাস কৰি আছো সেয়া আপোনাক ক’বলৈ এয়াই যথেষ্ট। এয়া কি লাজৰ বিষয় ৷ “
৯০ শতাংশতকৈও অধিক শাৰীৰিকভাৱে অক্ষম তথা হুইলচেয়াৰ ব্যৱহাৰ কৰা জি এন চাইবাবাক ২০১৭ চনত মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ এখন সত্ৰ আদালতে মাওবাদীৰ সম্পৰ্ক থকা আৰু “দেশৰ বিৰুদ্ধে যুদ্ধ” কৰাৰ অভিযোগত আজীৱন কাৰাদণ্ড বিহিছিল ৷