দিল্লীত শ্ৰদ্ধা ৱাকাৰ নামৰ যুৱতী গৰাকীৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক লোমর্ষক হত্যাকাণ্ডই জোকাঁৰি গৈছে ৰাজধানী চহৰখন ৷ এজন ড্ৰাগছ আসক্তই পিতৃ-মাতৃসহ পৰিয়ালৰ সকলো সদস্যক চোকা অস্ত্ৰৰে হানি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিবৰণী অনুসৰি নিচামুক্তি কেন্দ্ৰৰ পৰা উভতি অহাৰ কিছুদিন পিছতে এজন ড্ৰাগছ আসক্তই নিজৰ সমগ্ৰ পৰিয়ালটোক হত্যা কৰে ৷ ২৫ বছৰীয়া কেশৱে প্ৰথমে কাজিয়াত লিপ্ত হয় আৰু পাছত পিতৃ-মাতৃ, ভগ্নী, আইতাকক ছুৰীৰে আঘাত কৰি হত্যা কৰে বুলি আজি আৰক্ষীয়ে জানিবলৈ দিয়ে।
যোৱা নিশা দক্ষিণ-পশ্চিম দিল্লীৰ পালমস্থিত তেওঁলোকৰ ঘৰত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কেশৱক গ্ৰেপ্তাৰ কৰা হয় ৷ কেশৱৰ আইতাক দীৱানা দেৱী (৭৫), পিতৃ দীনেশ (৫০), মাতৃ দৰ্শনা আৰু ভগ্নী উৰ্বশী (১৮)ৰ ৰক্তাক্ত মৃতদেহ পৃথক পৃথক কোঠাত উদ্ধাৰ কৰে।বাথৰুমত তেওঁৰ পিতৃ-মাতৃৰ মৃতদেহ আৰু আন এটা কোঠাত ভনীয়েক আৰু আইতাকৰ মৃতদেহ উদ্ধাৰ হয়।
কেশৱে এমাহ পূৰ্বে গুৰগাঁৱৰ চাকৰি এৰি দিপাৱলীৰ পৰাই কর্মসংস্থাপনহীন হৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত তেওঁ ড্ৰাগছ সেৱন কৰিছিল বুলি জানিব পৰা গৈছে । নিশা ১০.৩০ মান বজাত ঘৰৰ পৰা চিঞৰ বাখৰৰ শব্দ ভাহি অহাত একেটা অট্টালিকাৰ ওচৰ-চুবুৰীয়া আৰু আত্মীয়ক সতৰ্ক কৰি দিয়ে। লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে ৷ কেশৱে হত্যাকাণ্ডৰ পাছত পলায়নৰ পৰিকল্পনা কৰিছিল যদিও আত্মীয়ই তেওঁক আৰক্ষীক গতাই দিয়ে।