বেংগালুৰুৰ এগৰাকী পাষাণ হৃদয়ৰ মাতৃৰ নিকৃষ্ট কাণ্ডই তীব্ৰ জোকৰণিৰ সৃষ্টি কৰিছে ৷ বধিৰ আৰু বোবা হোৱাৰ বাবেই চতুর্থ মহলাৰ পৰা দলিয়াই চাৰি বছৰীয়া সন্তানক হত্যা কৰিলে এগৰাকী মহিলাই ৷ বৃহস্পতিবাৰে উত্তৰ বেংগালুৰুৰ এছ আৰ নগৰৰ এটা এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এপার্টমেণ্টটোত সংঘটিত এই ঘটনাৰ সমগ্ৰ দৃশ্য চিচিটিভিত বন্দী হৈ ৰৈছে ৷ মহিলা গৰাকীয়ে তেওঁলোকৰ চতুৰ্থ মহলাৰ এপাৰ্টমেণ্টৰ বেলকনিৰ পৰা চাৰি বছৰীয়া কন্যা সন্তানক পেলাই দিয়া দেখা গৈছিল চি চি টি ভিৰ ভিডিঅ’ ফুটেজত ।
শিশুটিক পেলাই দিয়াৰ পিছত মহিলাগৰাকীয়ে নিজেও ৰেলিঙত উঠি কেইছেকেণ্ডমান থিয় হৈ থকা পৰিলক্ষিত হয় ৷ অৱশ্যে পৰিয়ালৰ লোকে লৰালৰিকৈ ওলাই আহি তেওঁক নমাই আনে ৷ শিশুটিৰ থিতাতে মৃত্যু হোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ আৰক্ষীয়ে জনোৱা মতে, চাৰি বছৰীয়া কিশোৰীগৰাকী বধিৰ আৰু বোবা। ইয়াৰ বাবেই মহিলাগৰাকী হতাশ হৈ পৰিছিল ৷ স্বামীয়ে গোচৰ ৰুজু কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে মহিলাগৰাকীক ৷ ধৃত মহিলা গৰাকী পেছাত এগৰাকী দন্ত চিকিৎসক ৷ আনহাতে স্বামী এজন চফটৱেৰ ইঞ্জিনিয়াৰ।