কোন দিশে ধাৱমান হৈছে ৰাজ্যৰ যুৱ প্ৰজণ্ম ? কিয় গুৰু গোসাই নমনা হৈছে উঠি অহা প্ৰজন্মই ? একাংশৰ যুৱ উচ্ছৃংখলতাই এতিয়া এনে পর্যায় পাইছে যে বাইকেৰে খুন্দিয়াই মানুহ মাৰিও কোনো অনুশোচনাত নোভোগে এইসকল উদণ্ড যুৱক ৷ বৰঞ্চ দূর্ঘটনা সংঘটিত কৰি আৰক্ষী থানাৰ পৰা ওলাই অহাৰ আনন্দত কেইজনমান যুৱকে পার্টী কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিলাসীপাৰাত ৷
ঘটনাৰ বিৱৰণী অনুসৰি উদণ্ড বাইকার্ছৰ খুন্দাত সুর্যখাতা প্ৰথম খণ্ড গাৱঁৰ ছাকিনা বেওৱা নামৰ এগৰাকী বৃদ্ধ মহিলা নিহত হয় ৷ কালি বিয়লি এই ঘটনাৰ পাছত দূর্ঘটনা সংঘটিত কৰা এজন যুৱকক বিলাসীপাৰা আৰক্ষীয়ে আটক কৰে ৷ কিন্তু ১০ মিনিট পাছতে দূর্ঘটনা সংঘটিত কৰা যুৱকজনক আৰক্ষীয়ে এৰি দিয়ে ৷ ইয়াৰ পাছতে নিজকে গেং অৱ ডেভিল বুলি জহাই ফুৰা যুৱকৰ দলটোৱে ফেচবুক লাইভ কৰি কয় –“আমি এতিয়া পার্টী কৰি আছো ৷ মোৰ এইজন সতীর্থই দূর্ঘটনা কৰি এজনক মাৰি থৈ আহিছে ৷ ১০ মিনিটৰ ভিতৰত আৰক্ষী থানাৰ পৰা ওলাই আহিছে ৷আমি উলিয়াই আনিছো ৷ এয়া গেংছ অৱ ডেভিলছৰ পাৱাৰ ৷’
স্বাভাৱিকতে এই ঘটনাই সমগ্ৰ বিলাসীপাৰাতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ধুবুৰীৰে ৰাজপথত এয়াই গেং অৱ ডেভিলৰ প্ৰথম এনে অপকর্ম নহয় ৷ ইয়াৰ পূর্বেও ষ্টাণ্ট দেখুৱাই সমগ্ৰ বিলাসীপাৰাতে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এই উদণ্ড যুৱকৰ দলটোৱে ৷ বিভিন্ন সময়ত ৰাজপথত দুর্ঘটনা সংঘটিত কৰি এই যুৱকৰ দলটোৱে গুণ্ডাগিৰি কৰি অহাৰো অভিযোগ দীর্ঘদিনীয়া ৷ কিন্তু লক্ষণীয়ভাৱে আজিলৈ এই গেঙটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ৷ সাধাৰণ কথাতে জৰিমনা বিহা যান-বাহন আৰক্ষীৰ চকুত আজিলৈ পৰা নাই গেং অৱ ডেভিলৰ কুকার্য ৷ যাৰ ফলত এই যুৱক কেইজনৰ অতপালি দিনকদিনে বৃদ্ধি পাই আহিছে ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি মিনাজুল হক নামৰ যুৱকজনে খুন্দিয়াইছিল বৃদ্ধা গৰাকীক ৷ তেওঁৰ ঘৰ বিলাসীপাৰাৰ নয়া হাটত ৷ ইয়াৰ পাছতে ফেচবুক লাইভৰ জৰিয়তে দূর্ঘটনা সংঘটিত কৰি বৃদ্ধা গৰাকীক হত্যা কৰা বুলি প্ৰকাশ কৰিছিল ৷ গেংটোৰ আন সদস্য হৈছে নুৰ নুবী, আখিৰ হুছেইন আৰু ৰহান হুছেইন ৷