পল্টনবজাৰৰ ৰেলৱে কলনীৰ এটা আবাসগৃহত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। কালি নিশাৰ ভাগত মৃতদেহ উদ্ধাৰ হোৱা লোকজন হৈছে নাৰায়ন চক্ৰৱৰ্তী। স্থানীয় এটা কালী মন্দিৰৰ পূজাৰী আছিল নাৰায়ণ চক্ৰৱৰ্তী।
এদিন পূৰ্বে তেও এজন ৰেল কৰ্মচাৰীৰ ঘৰ ৰাখিবলৈ আহিছিল বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰেল বিভাগৰ অবাসগৃহটোত পূৰ্বৰে পৰা বাস কৰি আহিছে সঞ্জীৱ চৌধুৰীয়ে।
কিন্তু তেওঁ দুদিন পূৰ্বে ষঠ পূজাৰ বাবে ঘৰলৈ গৈছিল। যাৰ বাবে তেওঁ ৰখীয়া কৰি গৈছিল নাৰায়ণ চক্ৰৱৰ্তীক। এই সময়ছোৱাত এবাৰো ঘৰলৈ নোযোৱাত চক্ৰৱৰ্তীক বিচাৰি ৰেলৱেৰ বাসগৃহটোলৈ আহিছিল তেওঁৰ পত্নী আৰু কন্যা। তেতিয়াই ৰেলৱে আবাসগৃহতোৰ এটা কোঠাত তেঁওৰ মৃতদেহ প্রত্যক্ষ কৰে পত্নী আৰু কন্যাই।
মৃতদেহৰ মূৰৰ পাছফালে আঘাতৰ চিন স্পষ্ট হৈ থকাৰ বাবে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। গধুৰ বস্তুৰে মূৰত আঘাত কৰি কোনোবাই তেওঁক হত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে লতাশিল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চাৰিজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে।