বিতর্কৰ আৱর্তত সোমাই পৰিছে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন অভিনীত পাঠান নামৰ হিন্দী ছবিখন ৷ শ্বাহৰুখৰ নতুন ছবিখনৰ ‘বেছৰম ৰং’ শীর্ষক গীতটো মুকলি কৰাৰ পাছত সৃষ্টি হৈছে বিতর্কৰ ৷ বিশেষকৈ গীতটিত দীপিকাই পৰিধান কৰা পোছাকক লৈ উত্তাল হৈ পৰিছে দেশ ৷ গেৰুৱা ৰঙৰ আৱেদনময়ী পোছাকক লৈ নেটিজেনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ একাংশ হিন্দুত্ববাদী সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে টুইটাৰত ‘বয়কট পাঠান ‘ ট্ৰেণ্ড আৰম্ভ হৈছে ৷
ইপিনে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই বুধবাৰে ৰাজ্যত ছবিখনৰ সম্ভাৱ্য নিষেধাজ্ঞাৰ ইংগিত দিয়ে। তেওঁ কয় “গীতত পিন্ধা কাপোৰবোৰ অতি আপত্তিজনক। এই গীতটোৰ চিত্ৰণৰ আঁৰত যে এটা কু-অভিপ্ৰায় আছে সেয়া স্পষ্ট। যি নহওক, দীপিকা পাডুকন জে এন ইউ (জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়) কাণ্ডৰ টুকড়ে-টুকড়ে গেঙৰ সমৰ্থক। সেইবাবেই মই অনুৰোধ কৰিব বিচাৰিছো যে তেওঁলোকে গীতটোৰ ভিজুৱেল শুধৰাওক, সাজ-পোছাক শুধৰাই দিয়ক, নহ’লে এই ছবিখন মধ্যপ্ৰদেশত মুক্তি পাব লাগে নে নাই সেয়া চিন্তা কৰি চোৱা হ’ব ৷”
আনহাতে, বীৰ শিৱাজী গ্ৰুপৰ সদস্যসকলে আজি ছবিখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি মুখ্য অভিনেতা শ্বাহৰুখ খানৰ প্ৰতিমূৰ্তি দাহ কৰে। অহা বছৰৰ জানুৱাৰী মাহত পৰ্দাত মুক্তি পাবলগীয়া ছবিখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে গীতটোৰ বিষয়বস্তুৱে হিন্দু সম্প্ৰদায়ৰ আৱেগক আঘাত কৰিছে।
ইফালে এই বিতর্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহিলা অধিকাৰ কর্মী বৃন্দা আদিগে ৷ এই প্ৰসংগত তেওঁ কয় –এই লোকসকলে কি কৈ আছে ? গেৰুৱা, সেউজীয়া,নীলা অথবা যিকোনো ৰঙ তেওঁলোকৰ একচেটিয়া অধিকাৰ নেকি ?এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ “