মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰাৰ লগতে যৌন নির্যাতন চলোৱা ঘটনা সন্দর্ভত চিবিআইয়ে এফআইআৰ দাখিল কৰিছে। বৃহস্পতিবাৰে উত্তপ্ত মণিপুৰৰ এই ঘটনাৰ তদন্ত চিবিআইক অৰ্পণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।
চলিত বৰ্ষৰ ৪ মে’ত ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাংপোকোপ্পি জিলাত দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰি লৈ গৈছিল এদল উন্মত্ত লোকে । মহিলা দুগৰাকীক দলবদ্ধ ধৰ্ষণ হোৱা বুলিও দাবী কৰা হৈছে। কিছুদিন পূৰ্বে এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ২৬ ছেকেণ্ডৰ এই ভিডিঅ’টো মুক্তি পোৱাৰ কিছু সময়ৰ পিছতে দেশজুৰি হুলস্থুলৰ সৃষ্টি হয়। এই ঘটনাক বিভিন্ন মহলে গৰিহণা দিছিল। ইয়াৰ পিছত এজন এজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। নিৰ্যাতনৰ ভিডিঅ’ লোৱা লোকজনকো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ ফোনটো জব্দ কৰা হৈছে।
মণিপুৰত শান্তি ঘূৰাই অনাত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱা বুলি দাবী কৰিছে বিৰোধীয়ে। এই পৰিস্থিতিত ভিডিঅ’টো ওলোৱাৰ লগে লগে নতুনকৈ হুলস্থুলৰ সৃষ্টি হয়। ৭৮ দিনৰ মৌনতাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে এই ঘটনা যিকোনো সভ্য সমাজৰ বাবে এয়া লজ্জাজনক।অৱশ্যে মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য দাবী কৰিছে বিৰোধীয়ে। বিগত কিছুদিন ধৰি সংসদৰ অধিৱেশনত অচলাৱস্থা অব্যাহত আছে। বিৰোধী মিত্ৰজোঁট ‘ভাৰত’ই মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে। আজি মণিপুৰত উপস্থিত হৈছে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ দল ৷