দেশৰ বিভিন্ন স্থানত চলিল চি বি আইৰ মাৰাথান অভিযান ৷ তামিলনাডু ,অন্ধ্ৰ প্ৰদেশ,দিল্লী,হাৰিয়ানা,ৰাজস্থান,চেন্নাই ,ঝাৰখণ্ড ,মণিপুৰকে ধৰি অসমতো চলিল অভিযান ৷ এফ চি আৰ এৰ অধীনত বিদেশৰ পৰা অনুদান সংগ্ৰহ কৰাৰ অনুমতি প্ৰদানত সংঘটিত কেলেংকাৰীৰ ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে চিবিআইৰ অভিযানত ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত সংঘটিত হৈছে এই কেলেংকাৰী ৷ কেলেংকাৰীৰ সৈতে জড়িত মুঠ ১৪জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে চি বি আয়ে ৷ গ্ৰেপ্তাৰ কৰা হৈছে গৃহ মন্ত্ৰালয়ৰ ৬জনকৈ বিষয়াক ৷ আনহাতে এন জি অ’ৰ প্ৰতিনিধি ,মধ্যভোগী দালাল চি বি আইৰ জালত লগতে চি বি আয়ে জব্দ কৰিছে ৩.২১কোটি টকা ৷ হাৱালাৰ জৰিয়তে ধন সৰবৰাহ কৰিছিল চক্ৰটোৱে ৷
অসমতো চলিল চিবিআইৰ এই অভিযান ৷গুৱাহাটীৰ এটা এন জি অ’ৰ কাৰ্যালয়তো উক্ত কেলেংকাৰী সন্দৰ্ভত অভিযান চলালে চিবিআয়ে ৷