আজি অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত যোৰহাটত উপস্থিত হৈ ৮.৫৩ কোটি টকাৰ বিভিন্ন আঁচনি আৰু আন্তঃগাঁথনি প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত শিলান্যাস তথা ভূমি পূজন হোৱা প্ৰকল্পসমূহ হ’ল ‘লাচিত মৈদাম আৰু সাংস্কৃতিক প্ৰকল্প’, যোৰহাট আৰু কমাৰবন্ধাৰ মাজৰ পথ, ৰে’লৱে লাইনৰ ওপৰেৰে কমাৰবন্ধাত উৰণীয়া সেঁতু, যোৰহাটৰ সংহত উপায়ুক্ত কাৰ্যালয়, যোৰহাট জিলা ক্ৰীড়া কমপ্লেক্স, মৰিয়নিত বাপুজী মিনি ষ্টেডিয়াম, অসম মহিলা বিশ্ববিদ্যালয়ৰ টীয়ক চৌহদ, গোমধৰ কোঁৱৰ সাংস্কৃতিক প্ৰকল্প, যোৰহাট জিলাৰ বৰ্তমানৰ তিনিটা আই টি আইক উৎকৃষ্ট কেন্দ্ৰলৈ উন্নীতকৰণৰ অৰ্থে গৱেষণাগাৰ , যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ কমপ্লেক্সত এখন স্বতন্ত্ৰ স্মৃতি উদ্যান , এ পি ডি চি এলৰ তিনিটা উপ ষ্টেচন আৰু তিতাবৰত এখন ৰেচম মহাবিদ্যালয় ।
প্ৰকল্পসমূহৰ শিলান্যাস কৰাৰ লগতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই মত পোষণ কৰে যে এই পদক্ষেপসমূহে যোৰহাট জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন গতিৰ সূচনা কৰিব ৷