লাডাখত চীন আৰু ভাৰতৰ মাজত হোৱা সংঘৰ্ষৰ পাছতে লাইন অব একচুৱেল কণ্ট্ৰোলত নিজৰ স্থিতি অধিক সবল কৰিবলৈ চেষ্টা চলাইছে চীনা সেনাই। ইয়াৰ অংশ হিচাপে লাইন অব একচুৱেল কণ্ট্ৰোলত বিভিন্ন আন্তঃগাঁঠনি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে । শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত বৃদ্ধি পাইছে চীন সেনাৰ কুচকাৱাজ। অৰুণাচল প্ৰদেশৰ সমীপতে চীনে স্থাপন কৰিছে গাঁও। এশ গৃহ নিৰ্মাণ কৰি চীনে এই গাওঁ স্থাপন কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।তিব্বত স্বায়ত্বশাসন অঞ্চল আৰু অৰুণাচল প্ৰদেশৰ মাজত ২০২০ চনত এই গাওঁ স্থাপন কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইমেজিঙ প্ৰতিষ্ঠান প্লেনেট লেবছে ২০২০ চনৰ জানুৱাৰী মাহত উক্ত অঞ্চলত স্থাপন কৰা গাঁওৰ ছবি প্ৰকাশ কৰিছিল । সেই ছবি অনুসৰি অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰী জিলাৰ চাৰি ছু নদীৰ পাৰত এশ গৃহ নিৰ্মাণ কৰিছিল চীনৰ প্ৰতিষ্ঠানটোৱে ৷
প্ৰকাশ কৰা এই তথ্য পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ প্ৰতিবেদনে সঁচা বুলি প্ৰমাণিত কৰিলে। একেসময়তে উক্ত অঞ্চলটোৰ ২০১৯ বর্ষৰ ছবিও প্ৰকাশ কৰা হৈছে। য’ত দেখুওৱা হৈছে যে ২০১৯ বৰ্ষত সেই স্থানত নাছিল কোনো ঘৰ। ইপিনে, এই প্ৰতিবেদন প্রকাশ পোৱাৰ পাছত এক বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। বিবৃতিটোত কয় যে সীমান্ত অঞ্চলত চীনে বিভিন্ন নিৰ্মাণকার্য কৰা বুলি প্ৰকাশ পোৱা প্ৰতিবেদন তেওঁলোকে অধ্যয়ন কৰিছে। দেশৰ স্বতন্ত্ৰতা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব পৰা এই কাৰ্যৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।