আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোছি টাইৱানত উপস্থিত হোৱাৰ পাছতে খর্গহস্ত হৈ পৰিছে চীন ৷ মার্কিন নেতা গৰাকীৰ টাইৱান ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি আহিছে চীনে ৷ কিন্তু চীনৰ বাধা নেওচি পেলোছি উপস্থিত হয় টাইৱানত ৷ ইয়াৰ পাছতে আজি টাইৱানৰ বিপক্ষে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে চীনে ৷ বুধবাৰে চীনে টাইৱানৰ পৰা ফল-মূল আৰু মাছ আমদানি কৰাত বাধা আৰোপ কৰে।তদুপৰি টাইৱানলৈ বালিৰ ৰপ্তানিও বন্ধ কৰিছে চীনে ৷
ৰাষ্ট্ৰপতি পদৰ পিছত দ্বিতীয় সর্বোচ্চ পদত অধিষ্ঠিত পেলোছি হৈছে বিগত ২৫ বছৰৰ ভিতৰত টাইৱান ভ্ৰমণলৈ অহা আমেৰিকাৰ শীর্ষ নেতা ৷ চীনে এই ভ্ৰমণৰ বিৰোধিতা কৰি তীব্ৰ সতৰ্কবাণী দিয়াৰ পিছত মঙলবাৰে সন্ধিয়া তেওঁ টাইৱানত অৱতৰণ কৰে ৷
চীনৰ শুল্ক প্ৰশাসনে বুধবাৰে কয় যে টাইৱানৰ পৰা ফল আৰু মাছ আমদানি স্থগিত ৰখা হৈছে ৷ কিয়নো এই পেকেট সমূহত অত্যধিক কীটনাশকৰ অৱশিষ্ট “বাৰম্বাৰ” ধৰা পৰিছে ৷ আন এখন সুকীয়া জাননীৰ জৰিয়তে বাণিজ্য মন্ত্ৰালয়ে লগতে কয় যে তেওঁলোকে বুধবাৰৰ পৰা টাইৱানলৈ প্ৰাকৃতিক বালিৰ ৰপ্তানিও স্থগিত ৰাখিব ৷
টাইৱানৰ পৰা চীনে আমদানি –ৰপ্তানি বন্ধ কৰা এয়ে প্ৰথম নহয় ৷ চীনে ২০২১ চনৰ মাৰ্চ মাহত দ্বীপটোৰ পৰা আনাৰস আমদানি নিষিদ্ধ কৰিছিল ৷ ২০১৬ চনত ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বেইজিঙে টাইৱানৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে ৷ কিয়নো তেওঁ দ্বীপটোক “চীন”ৰ অংশ নহয় বুলি কৈ আহিছে ৷
ইফালে, চীনৰ কৰ্তৃপক্ষই টাইৱানক ঘেৰি ধৰি পৰিকল্পিত লাইভ ফায়াৰ সামৰিক অনুশীলনৰ কথাও ঘোষণা কৰিছে ৷ এই পদক্ষেপে দ্বীপটোৰ মূল বন্দৰ আৰু চহৰ অঞ্চলসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি প্ৰকাশ কৰিছে টাইপেইৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷