আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত অনুষ্ঠিত এখনি সভাত মাননীয় কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং ডাঙৰীয়াই সমগ্ৰ ভাৰতত প্ৰশংসনীয় কামৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰা ১৩ টা মণ্ডল পৰ্যায় সংগঠনক “আত্মনিৰ্ভৰ সংগঠন ৰাষ্ট্ৰীয় বঁটা” প্ৰদান কৰে। ৰাজ্যৰ কাৰ্বি আংলং জিলাৰ লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনশিৰি মণ্ডল পৰ্যায় সংগঠনে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, দেশৰ মণ্ডল পৰ্যায় সংগঠন সমূহে “আত্মনিৰ্ভৰ সংগঠন ৰাষ্ট্ৰীয় বঁটা” ৰ লগতে ১ লাখ টকাৰ মাননীও লাভ কৰিছে।
এই অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালিকা শ্ৰীমতী কৃষ্ণা বৰুৱাৰ লগতে মণ্ডল পৰ্যায় সংগঠনৰ সভাপতি, সম্পাদককে ধৰি জীৱিকা সখী তথা ৰাজ্যিক আৰু খণ্ড বিষয়া সকল উপস্থিত থাকে।