অসম আৰক্ষীত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কর্মৰত এল আৰ বিষ্ণয়ক সোমবাৰে মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান( ডিজিপি ) হিচাপে নিযুক্তি প্ৰদান কৰা হয় ৷ অসম-মেঘালয় কেডাৰৰ ১৯৯১ বেটচ্ৰ আই পি এছ বিষয়া বিষ্ণয়ে পশু চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ৷ বৰ্তমান মেঘালয়ৰ ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ইদাশিশা নংৰাঙৰ পৰা তেওঁ দায়িত্ব গ্ৰহণ কৰিব ৷
হিচাৰৰ পৰাৰ তেওঁ পশু চিকিৎসা বিষয়ত ডিগ্ৰী লাভ কৰে ৷ কিছুদিনৰ বাবে বিষ্ণয়ে পশুপালন বিভাগত কাম কৰিছিল। পিছত তেওঁ চাকৰি এৰি বায়ুসেনাত যোগদান কৰে। অৱশ্যে তেওঁ ইউ পি এছ চিৰ বাবেও প্ৰস্তুতি চলাই আছিল। পৰৱর্তী সময়ত তেওঁ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে। ১৯৯১ বেটচ্ৰ বিষয়াজনে অসম আৰক্ষীৰ কেইবাটাও গুৰুত্বপূর্ণ পদবীত কার্যনির্বাহ কৰিছে ৷ চি আই ডিৰ প্ৰাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিষ্ণয় সম্প্ৰতি প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে কর্মৰত হৈ আছিল ৷