বিজ্ঞানত ঈশ্বৰৰ ব্যাখ্যা কি? এলবাৰ্ট আইনষ্টাইনে ঈশ্বৰক বিশ্বাস কৰিছিল নেকি? ১৯৫০ চনত ধর্মীয় শিক্ষয়িত্ৰী মাৰ্থা মংকে আইনষ্টাইনলৈ এখন চিঠি লিখিছিল। জানিব বিচাৰিছিল, আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃয়ে ঈশ্বৰক বিশ্বাস কৰে নেকি? ঈশ্বৰ বা কোনো পৰম শক্তিয়ে এই জগতখন সৃষ্টি কৰিছিল বুলি তেওঁ ভাবেনে? আইনষ্টাইনে মাৰ্থাক উত্তৰ দিছিল। তেওঁ লিখা চিঠিখন আমেৰিকাৰ স্বাক্ষৰ সংগ্ৰহকাৰী সংস্থা ‘দ্য ৰেব কলেকচন’ই নিলাম কৰিব । ১ লাখ ২৫ হাজাৰ ডলাৰৰ পৰা আৰম্ভ হ’ব এই নিলাম। যিটো ভাৰতীয় মুদ্ৰাত ১.০২ কোটি।
আইনষ্টাইনৰ চিঠিখন ইমান দিনে মাৰ্থাৰ উত্তৰাধিকাৰী এজনে সযতনে ৰাখিছিল। মাৰ্থাৰ প্ৰশ্নৰ উত্তৰত আইনষ্টাইনে লিখিছে: ‘যেতিয়ালৈকে শাস্ত্ৰত লিখা কাহিনীবোৰ আক্ষৰিক অৰ্থত লোৱা হ’ব, তেতিয়ালৈকে সাধাৰণ মানুহে কি বিশ্বাস কৰিব সেয়া প্ৰত্যাশিত ।’ তেওঁ লগতে লিখিছিল, ‘যদি আপুনি শাস্ত্ৰৰ প্ৰতীকীভাৱে ব্যাখ্যা কৰে, তেন্তে ঈশ্বৰক মানুহ হিচাপে কল্পনা কৰা হৈছিল নে নাই সেয়া স্পষ্ট নহয়। মই ভাবো মোটামুটি বৈজ্ঞানিক মনোভাৱৰ ব্যক্তিৰ বাবে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আঁৰৰ ধৰ্মীয় ব্যাখ্যা যুক্তিসংগত নহয়। কাৰণ তেওঁ বিজ্ঞানৰ যুক্তি কষ্টেৰে বিচাৰে।”
১৯৩৩ চনত জাৰ্মানীত এডলফ হিটলাৰ ক্ষমতালৈ অহাৰ পিছত আইনষ্টাইন আমেৰিকালৈ পলায়ন কৰে। জাৰ্মানী এৰি যোৱাৰ পিছত তেওঁ বেলজিয়ামত প্ৰথম আশ্ৰয় লাভ কৰে। ইয়াৰ পিছত ছয় সপ্তাহ ব্ৰিটেইনত থাকিল। অৱশেষত আমেৰিকালৈ আহিল। আইনষ্টাইন এদশক ধৰি আমেৰিকাৰ নাগৰিক আছিল।