2014 চনৰ লোকসভা নিৰ্বাচনৰ পাছত দেশত এখনৰ পাছত আন এখন ৰাজ্যত শোচনীয়ভাবে পৰাজিত হৈছে কংগ্রেছ। আঙুলিৰ মূৰত লেখিব পৰাকৈ মাত্ৰ কেইখন মান ৰাজ্যতহে আছে কংগ্ৰেছৰ চৰকাৰ। এই ৰাজ্য সমূহৰ অন্যতম উল্লেখযোগ্য ৰাজ্য হৈছে পঞ্জাৱ ।
কিন্তু ৰাজ্য খনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অধিক দুৰ্দশা হোৱাৰ আশংকাই দেখা দিছে। দলীয় অন্তৰকন্দলৰ বাবে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ বাধ্য কৰোৱা অমৰিন্দৰ সিঙে নতুন দল গঠনৰ কথা আজি ঘোষণা কৰিছে।
এখন সংবাদমেলৰ জৰিয়তে নতুনকৈ দল গঠনৰ কথা তেওঁ ঘোষণা কৰে। অৱশ্যে এতিয়াও দলৰ নাম ৰাজহুৱা কৰা নাই তেওঁ। নিৰ্বাচন আয়োগৰ অনুমোদন লাভ কৰিলেই দলৰ নাম আৰু চিহ্ন প্ৰকাশ কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে। সংবাদমেলখনত তেওঁ প্ৰকাশ কৰা অনুসৰি বিধানসভা নিৰ্বাচনত 117 টা সমষ্টিতে দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব। তদুপৰি বিজেপি অথবা আন আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিবলৈ দলটো সাজু আছে।
কংগ্ৰেছক পৰাজিত কৰিবলৈ তেওঁ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি সিঙে নবজিৎ সিং সিদ্ধুক আক্রমনৰ লক্ষ্য কৰি লয়। এই প্ৰসংগত তেওঁ কয় যে নবজিৎ সিং সিদ্ধুয়ে একো নাজানে। কেৱল মুখেৰে আবোল তাবোল বলকি থাকে। সু প্ৰশাসনৰ কথা নবজিৎ সিং সিদ্ধুয়ে নাজানে।লগতে যিটো সমষ্টিতেনবজিৎ সিং সিদ্ধুয়ে প্ৰতিদ্বন্দিতা কৰিব তাতেই তেওঁ যুঁজিব বুলিও সকীয়াই দিলে অমৰিন্দৰ সিঙে।
উল্লেখযোগ্য যে কিছুদিন পূর্বে সিঙৰ স্থানত চৰণ জিত সিং চানিক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। পাঞ্জাৱৰ দুবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা সিঙৰ নতুন দল গঠনে স্বাভাৱিক ভাবে কংগ্রেছৰ ভোটবেংকত বিভাজন অনাৰ সম্ভাৱনাই অধিক। কাইলৈ সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।